মিচিং সকলৰ ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতিৰ গতিধাৰা
জৱাহৰলাল মিলি
এপ্ৰিল সংখ্যাৰ পিছৰ পৰা….
মিচিং সকলৰ জনবিশ্বাস অনুসৰি দঃঞি পঃল, চেঃদি মৗঃল আৰু গুঃমৃন চঃয়িং আদি চিৰ আৰাধ্য দেৱতা বুলি পৰম্পৰাগত ভাৱে নিত্য নৈবদ্য সামগ্ৰী আগবঢ়াই পূজা অৰ্চনা কৰি আহিছে। দঃঞিঃ পঃল, মুগলৃং-য়াৰি, পৗদং-অৗচাৰ, মুক্কাং আদি সাক্ষাৎ দেৱতা ৰূপী প্ৰকৃতি শক্তিৰ ওপৰত বিশ্বাস ৰাখি এনেবোৰ শক্তিৰ কু দৃষ্টিৰ পৰা পৰিত্ৰাণ পাবলৈ তালৗং উয়ি অৰ্থাৎ ওপৰ দেৱতা সকলক পূজা অৰ্চনা কৰি আহিছে। জনবিশ্বাস অনুযায়ী সেই প্ৰকৃতি শক্তিৰ কু দৃষ্টিত বা অসন্তুষ্টিৰ ফলত সাংসাৰিক জীৱনত কু প্ৰভাৱ পৰি শস্য পথাৰ, ঘৰুৱাভাৱে পালিত জীৱন জন্তু আৰু বিজুলী ঢেৰাকনিত ব্ৰজপাত তথা মাৰিমৰকত সন্মুখীন হয়।
সেই ওপৰ দেৱতাৰ সন্তুষ্টিৰ বাবে বিভিন্ন পূজা নৈবেদ্য সামগ্ৰীৰ সম্ভাৰ যোগাৰ কৰি মিবু বা পুৰোহিতৰ দ্বাৰা পূজা ভাগ আগবঢ়োৱা হয়। কালক্ৰমে গোসাঁই বামুণৰ দীক্ষা গ্ৰহণ কৰি কাল সংহতি ধৰ্মীয় সংস্কৃতিৰ ৰীতি নীতি আকৃষ্ট হৈ পৰি আদিম ধৰ্মীয় সংস্কৃতিৰ উপৰিও বিভিন্ন দেৱ দেৱীৰ পূজা পাতল প্ৰচলিত হোৱা পৰিলক্ষিত হয়। ঘৰ কালিকা, ডাঙৰীয়া, নপুৰুষীয়া, নজনীয়া, সাতজনীয়া, পাঁচজনীয়া, তিনিজনীয়া ৰিষ্ট সকাম আদি কালসংহতিৰ প্ৰভাৱিত পৰম্পৰা অনুসৰি মিচিং সকলে গ্ৰহণ কৰিছে। সাম্প্ৰতিক সময়ত মিচিং জনগোষ্ঠীৰ নিজস্ব ভাষা কলা সংস্কৃতি, আদিম ধৰ্মীয় পৰম্পৰা সমৃদ্ধ হ’লেও এই কথাটো স্বীকাৰ কৰিব লাগিব যে, মিচিং সকলৰ ধৰ্ম পৰিচয় এতিয়া ধূসৰ আৰু সেই দিশত যথেষ্ট সানমিহলি হোৱা দেখা যায়। নিজস্ব আদিম ধৰ্মীয় সংস্কৃতি দঃঞিঃ পঃল, গুঃমৃন চঃয়িং, চেঃদি মেঃল আৰু ওপৰ দেৱতাৰ পূজা অৰ্চনা বাহিৰেও হিন্দী ধৰ্মীয় পাশ্চাত্য সভ্যতাৰ বিভিন্ন দেৱ দেৱীৰ পূজা আৰাধনা কৰাত ব্যস্ত হৈ পৰাও দেখা যায়। দুৰ্গা পুজাত গোসাঁনীৰ সন্তুষ্টিৰ বাবে ম’হ, ছাগলী, হাঁহ পাৰ আগবঢ়াই বলি বিধানৰ প্ৰথাও অব্যাহত আছে। আকৌ এচামে সেই ধৰ্মীয় সংস্কৃতি পৰিত্যাগ কৰি মহাপুৰুষীয়া ভকত বৈষ্ণৱ নাম কীৰ্তনীয়া, নাম ধৰ্ম সমাজ, শ্ৰীমন্ত শংকৰ সংঘ, কৃষ্ণগুৰু, সৎ সংঘ আৰু যীশুখ্ৰীষ্টৰ খৃষ্টধৰ্মীয় আদৰ্শত অনুপ্ৰাণিত হৈ বিভিন্ন ধৰ্মীয় ৰীতিনীতি আকুৱালি লৈছে।
প্ৰকৃততে ক’বলৈ গ’লে নিজস্ব জাতীয় ধৰ্মীয় সংস্কৃতি আৰু ভাষা সাহিত্য পৰম্পৰাগত ৰীতি নীতি জীয়াই নাথাকিলে জাতিটোৰ পৰিচয় হেৰুৱাই বৰ্ণ সংকৰ জাতিত পৰিণত হোৱাৰ উপক্ৰম হৈছেগৈ। ইয়াৰ ফলশ্ৰুতিত বিজতৰীয়া ধৰ্মীয় সংস্কৃতিত বিলীন হৈ স্বকীয় ধৰ্মীয় ৰীতি নীতি আদি হেৰুৱাই জাতীয় অস্তিত্ব নাইকিয়া হৈ পৰিছে। অসমৰ অসমীয়া সংস্কৃতি বুলিলে নানা জাতি উপজাতি ভাষা সংস্কৃতি আৰু পৰম্পৰাগত ভাৱে উদযাপিত ভিন্ন ধৰ্মী উৎসৱ পাৰ্বন, ধৰ্মীয় বিশ্বাসৰ পৰম্পৰাও ভিন্নতা বৈশিষ্ট্যৰে পৰিপূৰ্ণ। এনদৰে বাৰেবৰণীয়া কলা সংস্কৃতি সংমিশ্ৰণ হৈ বৰ অসমীয়া সংস্কৃতি ঠন ধৰি উঠিছে। অসমত বসবাস কৰা ভিন্ন জনগোষ্ঠীসমূহক বাদ দি অসমীয়া সংস্কৃতি অনৰ্থক।
মিচিংসকলৰ লোক বিশ্বাস অনুসৰি পাপ পণ্য বা অপকৰ্ম আদিৰ কৰ্ম ফলৰ ওপৰত বিশ্বাস কৰি আহিছে। কু কৰ্মৰ ফল ইহ জনমতে ভোগ কৰে বুলি বিশ্বাস কৰে। ন্যায় অন্যায়, মিথ্যাচাৰ, পাপ ব্যভিচাৰী আৰু অপকৰ্মৰ প্ৰতি ঘৃণা, নৈতিকতা, সামাজিক নীতি বিধান দৃঢ়তাৰে পালন কৰি আহিছে। মিচিং সকলৰ সামাজিক নীতি নিয়মৰ বিষয়ে ইয়াত বহলাই উল্লেখ নকৰিলোঁ। মিচিং সকল প্ৰকৃততে প্ৰকৃতি প্ৰেমি আৰু নৈ কেন্দ্ৰিক জীৱন শৈলীৰে কৃষি কৰ্ম আৰু ঘৰুৱাভাৱে পশু পখী পালন কৰিহে সাধাৰণ ভাৱে চহা জীৱন যাপন কৰে। বছৰৰ প্ৰতিমাহে পৰিশ্ৰমী মিচিং সকলে পথাৰত খেতিবাতি কৰি আৰু গৰু ম’হ, গাহৰি কুকুৰা, হাঁহ পাৰ পুহি সাংসাৰিক জীৱন যাপনৰ প্ৰধান জীৱিকা। মিচিংসকলৰ খেতিবোৰ হৈছে - ধান, মাহ, সৰিয়হ, আলু কচু, জলকীয়া আদিয়ে প্ৰধান। মিচিং সকলৰ আন এটা উল্লেখযোগ্য কৃষি উৎসৱ হৈছে পঃৰাগ বা নৰা চিগা উৎসৱ ৷আলি আঃয়ে লৃগাং যিদৰে কৃষি ভিত্তিক উৎসৱ ঠিক তেনেদৰে পঃৰাগ (নৰা চিগা) উৎসৱ মিচিং সকলৰ জন জীৱনৰ এক পৰম্পৰাগত কৃষি উৎসৱ। অৱশ্যে আলি আঃয়ে লৃগাঙৰ দৰে এক নিৰ্দিষ্ট মাহৰ দিন বাৰৰ লগত কোনো সামঞ্জস্য নাথাকে। পঃৰাগ উৎসৱ গাঁৱৰ সকলো ৰাইজে মিলিত হৈ সামূহিকভাৱে নিৰ্দিষ্ট এখন মৃৰং ঘৰত তিনি দিনীয়াকৈ বা পাঁচ দিনীয়াকৈ উলহ মালহেৰে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপিত কৰে। সেই উৎসৱ কৃষি কাৰ্য্য সামৰি আজৰি সময়ৰ সুবিধা অনুযায়ী ফাগুন চ’ত বা ভাদ আহিন মাহৰ ভিতৰত দিন ধাৰ্য্য কৰি অনুষ্ঠিত কৰাৰ পৰম্পৰা আছে। মিচিং সকলৰ ধৰ্মীয় বিশ্বাসত সাপ আৰু কণীৰ বিশেষত্ব অতি তাৎপৰ্য্যপূৰ্ণ। সাপ হৈছে প্ৰকৃতিৰ উৰ্বৰাৰ প্ৰতীক আৰু কণী জীৱনী শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰি আহিছে। সাপে ভঁৰালত বাহ ল’লে লখিমীয়ে বাহ লৈছে বুলি লোক বিশ্বাস আছে। আকৌ ঘৰৰ চাঙত উঠিলে বা ঘৰৰ ভিতৰত সোমালে অমংগলীয়া সূচায়।
পূজা পাৰ্বন, সকাম নিকাম, উৎসৱ পাৰ্বনৰ নৈবেদ্য সামগ্ৰী হৈছে গাহৰি কুকুৰা আৰু পণীয় দ্ৰব্য আপঙে প্ৰধান। লোক বিশ্বাস মতে চৰাইৰ ভিতৰত কাউৰী, ফেঁচা আৰু মৗলং চৰাইৰ মাতত বহু ধৰণৰ অৰ্থ প্ৰকাশ পাই বুলি জন সমাজত বিশ্বাস আছে। মাতৰ ধৰণ অনুযায়ী মংগল অমংগল নিৰ্ণয় কৰা হয়। সেইদৰে কপৌ চৰায়ে ঘৰৰ মূধচত ৰুণ দিলে পিতৃ পিতামহ পুৰুষলৈ বুলি চাউল ছটিয়াই উৰম পঃচুম আগবঢ়ালে কপৌ চৰাই জনী উৰি গুচি যায়গৈ বুলি জন বিশ্বাস আছে। বিশ্বাস জন কথা আৰু লোক বিশ্বাসত য়ালঃ গকয়াঙত (জীৱ মতা) ফৰিং পখিলা, কীট পতংগ পালেও গৰাকী জনৰ মূৰত স্থাপন কৰি আত্মা বা জীৱ ঘুৰি আহিল বুলি বিশ্বাস কৰে। কৃষি জীৱি মিচিং সকলে খেতিত পানীৰ কাৰণে প্ৰকৃতি শক্তিক পূজা প্ৰাৰ্থনা আগবঢ়ায়। খৰাং বতৰত বৰষুণ নমাবৰ বাবে ভেকুলী বিয়াও পতাৰ প্ৰথা প্ৰচলিত। ভেকুলী মাৰিব নাপায় আৰু ভেকুলী মৰিলে বৰষুণ পৰে বুলিও বিশ্বাস কৰে। ইয়াৰ উপৰিও মিচিং সকলৰ জন জীৱনৰ লগত সম্পৰ্ক থকা অনেক ধৰ্মীয় লোক কথা, জনবিশ্বাস, প্ৰবচন, নীতি কথা, ধেমেলীয়া গীত মাত, সাঁথৰ, লুচে চেনাম, কঃনিনাম বা বৃঞি নিঃতম (নিচুকনি গীত), অই কাবান, মিবু নিঃতম, অই নিঃতম, দঃব কাবান, মৗঃব কাবান, য়ামনৗ কাবান আদি লোক সংগীত সমূহ মিচিং লোক সংস্কৃতিৰ আধাৰ। মিচিং সকলৰ মৃতদেহ হিন্দু ধৰ্মীয় আদৰ্শৰ পৰিপন্থী বাহিৰত শৱদেহ মাটিত পুতি দিয়া প্ৰথা প্ৰচলিত পৰম্পৰা। আৰ্য্য সংস্কৃতিৰ বেদ বিধান অনুযায়ী হিন্দু ধৰ্মীয় মূলৰ লোক সকলে শৱদেহ দাহ কৰাৰ প্ৰথা বিদ্যমান। অৱশ্যে উল্লেখনীয় যে প্ৰকৃততে মিচিং সকল তিৰ্বতবৰ্মী মংগোলীয় মূলৰ আদিম মানৰ পুত্ৰ আবুতানিৰ বংশধৰ বুলি জনশ্ৰুতিমূলক আখ্যান পোৱা যায়। সেইবাবেই মিচিং সকলৰ মৃতকৰ সৎকাৰ আৰু আদ্যশ্ৰাদ্ধ প্ৰক্ৰিয়াও হিন্দু ধৰ্মীয় সংস্কৃতিৰ সম্পূৰ্ণ বিপৰীতে সমাপন কৰে। অৱশ্যে মিচিং সকলৰো এচাম বিভিন্ন ধৰ্মীয় আদৰ্শত দীক্ষিত হৈ হিন্দু ধৰ্মীয় নীতি নিয়ম বিধি বিধান অনুসৰি মৃতকৰ আত্মাৰ সদগতিৰ বাবে আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰাও পৰিলক্ষিত হৈছে। সাম্প্ৰতিক কালত সময়ৰ পৰিবৰ্তনৰ লগত খাপ খোৱাই আৰু বিশ্বায়নৰ আধুনিকতাবাদৰ প্ৰভাৱত ঐতিহ্য পূৰ্ণ মিচিং জনগোষ্ঠীৰ আদিম ধৰ্মীয় বিশ্বাস, পৰম্পৰাগতভাৱে পালন কৰি অহা বিভিন্ন লোকাচাৰ, ৰীতি নীতি সমূহ শিথিলতাৰে হেৰাই যাব ধৰিছে। এনে সন্ধিক্ষণত জনগোষ্ঠীৰ বাবে ই কেতিয়াও শুভ লক্ষণ নহ’ব বুলি কোৱাৰ যথেষ্ট যুক্তিযুক্ততা নোহোৱা নহয়। যি কি নহওক এটা জনগোষ্ঠীৰ ভাষা সংস্কৃতি আৰু লোক সাহিত্য আৰু ধৰ্মীয় বিশ্বাস পৰম্পৰা হেৰাই গ’লে চকুৰ পচাৰতে জনগোষ্ঠীটোৰ স্বকীয় বৈশিষ্ট্য হেৰাই গৈ অস্তিত্ব বিহীন জনগোষ্ঠীত পৰিণত হ’বলৈ আৰু বেছি দিন নালাগিবগৈ।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment