আড্ডা
পলাশ শৰ্মা
আজি অৰূপহঁতৰ সন্ধিয়াৰ আড্ডাটো নবহিল। দিনটোৰ বিভিন্ন ব্যস্ততাৰ অন্তত, অলপ সতেজতাৰ আবেশ বিচাৰি সিহঁতৰ সন্ধিয়াৰ আড্ডাটো বহে। সিহঁত মানে খগেন, মনোজ, ভূপেন, ৰথীন আৰু দুই চাৰিজন। বিভিন্ন মুখৰোচক কথাৰ পৰা ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, এই আটাইবোৰ সিহঁতৰ আড্ডাৰ বিষয়বস্তু হৈ পৰে।
কেতিয়াৰ পৰানো সিহঁতৰ এই আড্ডাটো আৰম্ভ হৈছিল, আজি আৰু সিহঁতৰ মনত নপৰে। অৰূপ সিহঁতৰ আটাইবোৰতকৈ অলপ সৰু। তথাপিও আড্ডাটোৰ সিওঁ এক আজীৱন সভ্যৰ দৰে হৈছিল। একেলগে ফুটবল খেলা, ক্ৰিকেট খেলা, ফৰ্মুটি মাৰি কাৰোবাৰ বাৰীৰ আমগছ জোপাৰ পৰা আম সৰোৱা, আম সৰুৱাবলৈ ফৰ্মুটি মাৰোতে কাৰোবাৰ ঘৰৰ টিঙত ফৰ্মুটি পৰিলে গৃহস্থৰ গালি শুনা, নাৰিকল গছত নাৰিকল পাৰিবলৈ ওপৰলৈ উঠি গৈ নাৰিকল পাৰিব লওঁতে গৰাকীয়ে গম পাই খেদি আহিলে বাকীবোৰে ভিৰভিৰাই দৌৰ মৰিলে, সি নাৰিকলৰ পাতৰ আঁৰত বাদুলি ওলোমা দি লুকাই থকা, এই আটাইবোৰ কামত সি বাকীবোৰতকৈ পাকৈত। গাঁৱৰ কোনজনী ছোৱালী গাভৰু হ'ল, কাৰ প্ৰেমত পৰি কোনে হাবু-ডুবু খাইছে, এই আটাইবোৰ খবৰ তাৰ নখদৰ্পনত। এনে ধৰণৰ বিভিন্ন ঘটনা প্ৰবাহেই সিহঁতৰ আড্ডাত আলোচনাৰ বিষয় বস্তু হৈ পৰে।
দিনবোৰ ভালেই আছিল। সময়বোৰ সতেজতাৰে ভৰি আছিল। গাঁৱৰ ৰাজহুৱা কিবা এটা অনুষ্ঠান হ’লেই হ’ল। সিহঁতৰ আড্ডাৰ প্ৰতিজন সদস্যৰ তাত নিৰ্ভেজাল এক সহযোগীতা থাকিবই। হয়তো সেয়ে গাঁওখনৰ সকলোৰে বাবে বিপদ-আপদৰ সিহঁত অপৰিহাৰ্য সাৰথি। ৰাইজখনে সিহঁতক অন্তৰেৰে ভাল পাইছিল। সুখ-দুখৰ প্ৰতিটো কথাই তাহাঁতৰ লগত আলোচনা কৰিছিল। বৰ ভাল আছিল। কিন্তু লাহে লাহে সময়ৰ বালিঘড়ীত দিনৰ জোখাৰে সময়বোৰ পাৰ হৈছিল। বয়সৰ জোখাৰে সময়বোৰ বাঢ়ি অহাত সকলোবোৰ ওলট-পালট হ’ল। দায়িত্ববোধৰ চাকনৈয়াত আড্ডাৰ সদস্য সংখ্যাও কমি আহিল। ব্যস্ততাৰ অজুহাতত সময়বোৰ নষ্টালজিক হৈ পৰিল। প্ৰায়বোৰৰে সাংসাৰিক জীৱনৰ ধাম-খুমীয়াত আড্ডাৰ মাদকতাবোৰ হেৰাই থাকিল। ব্যতিক্ৰম হৈ থাকিল অৰূপ।
নতুন দুই-এক সদস্যক লৈ আজিও সিহঁতৰ আড্ডা চলে। কিন্তু আড্ডাৰ সেই মধুৰতম আকৰ্ষণ অৰূপে আজি আৰু বিচাৰি নাপাই। তথাপিও সি আহিছে। অপেক্ষাত ৰৈছে কোনোবা এজন আহেই কিজানি !?
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:
Post a Comment