পিতাইৰ অকৃত্ৰিম স্নেহৰ ছাঁত
ৰীতে ৰিদম
মিংমাং নদীত চেপা পাতোতে
পিতাই কৈছিল-
চেপা এনেকৈ পাতিবি এনেকৈ পাতিবি
গৰৈ চেঙেলি মাছ সোমালে
ভালকৈ খাই তয়ে স্কুল যাব পাৰিবি
গেলাজানত মাছ মাৰিব যোৱা আইক
এখন ডাঙৰ চালনি আৰু চৰুৰ স’তে
আদৰি আনিছিল
মাছবোৰ তাত দিছিল
ডাঙৰ ডাঙৰ জীয়া মাছ চাই মোলৈ থৈছিল
পিতাই আইৰ সমানে সমানে
ঔটেঙা ঢেকীয়াৰ জোল ৰান্ধিব জানিছিল
আইও কম নাছিল পিতাইৰ দৰে
খৰিকাত মাছ দিব পাৰিছিল
পিতাই আজি গ’লগৈ কোনোদিন ঘূৰি নহা বাটেদি
মোক একো নোকোৱাকৈ
আৰু মোৰ পৰা একো নিনিয়াকৈ
কিন্তু তেখেতৰ পৰিশ্ৰমৰ সমস্ত ফচল
মোলৈকে এৰি থৈ গৈছিল
মোৰ বাবে কিমান কষ্ট কৰিছিল
সেই কথা
পিতাইৰ ঘৰ্মাক্ত দেহত ধৰা পৰিছিল
মোৰ বাবে পথাৰত টঙিঘৰ
আৰু গাৱত ওখকৈ চাংঘৰ সাজিছিল
জীৱনৰ আদিপাঠ তেওঁৱেই শিকাইছিল
পিতাইৰ অকৃত্ৰিম স্নেহৰ ছাঁত
মই পাহাৰৰ সমান ওখ হ’লো
সেউজীয়া হ’লো
সাগৰৰ ঢৌৰ স’তে খেলিব পৰা হ’লো
কিন্তু আজি
কমাৰৰ দৰে মোৰ জীৱন গঢ়া পিতাইক
মই একোৱে দিব নোৱাৰিলোঁ।
No comments:
Post a Comment