দেউতা নাই কিন্তু
বিপ্লৱ গোস্বামী
দেউতাৰ নামৰ আগত স্বৰ্গীয়
কিন্তু নিজৰ পৰিচয় দিবলৈ
আজিও তোমাক পিতৃ নামেৰে চিনি পাব লাগিব।
আজিও মই মোৰ নাম প্ৰকাশ কৰিব পৰা নাই।
দেউতা নাই কিন্তু পেঞ্চনৰ টকাত
আমাৰ পৰিয়াল আজিও চলি আছে।
দেউতা নাই কিন্তু এল আই চিৰ পৰা পোৱা টকাত
নতুন ঘৰ এটা সাজিলোঁ।
দেউতাৰ সপোন আছিল এখন দামী গাড়ী
দেউতাই গাড়ী এখন কিনিবলৈ টকা সঞ্চয় কৰিছিল
কিন্তু তেওঁৰ গাড়ী কিনা নহ’ল
কিন্তু আজি আমি গাড়ী চলাই আছো।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment