এখন দেশৰ কাহিনী
আব্দুৰ ৰহমান প্ৰামাণিক
কুৰ্শাকাটি, কোকৰাঝাৰ
এখন প্রকাণ্ড ঘৰ, য’ত গণতন্ত্ৰ আজি সংকটত
মানৱীয় প্ৰমূল্য বিলুপ্তিৰ পথত
নাই বাক স্বাধীনতা, সমতাৰ অধিকাৰ
মূল্যবৃদ্ধি মুদ্ৰাস্ফতি যত ৰাজত্ব কৰি আছে
এখন পথ য'ত অমানুহৰে পৰিপূৰ্ণ থাকে সৰ্বত্ৰ
সেই বাটৰ পথচাৰী কাপুৰুষ,লোভি চাটুকাৰ
সাম্প্ৰদায়িকতাৰ গোন্ধই সকলোকে আমুৱাইছে
সেই ভণ্ড দেশপ্ৰেমিক, মাতাল গোলাম কেইজনৰ বাহিৰে।
এখন বজাৰ য’ত নাৰীৰ সন্মান বিক্ৰী হৈছে অহৰহ
য'ত যমদূত যাব নোখোজে পিচাছৰ নিকৃষ্ট কাণ্ড দেখি
যত অপৰাধীক ৰক্ষণা বেক্ষণ দি ৰাজ আতিথ্য প্ৰদান কৰে
মানৱতা লুণ্ঠিত হৈ চিঞৰি চিঞৰি কান্দিলেও শুনা নাযায়।
এখন সমাজ য’ত আৰ্থিক অসমতাই দৈনিক চহকী হয়
নিবনুৱাই কৰ্মৰ সপোনত বিমুখ হৈ ঘূৰি ফুৰে দেশ বিদেশ
দাৰিদ্ৰৰ হাতুৰীৰ কোবত ককবকাই জীৱনেও পৰিতাপ কৰে
কেইজন বন্ধুৰ খাতিৰত মুৰব্বীয়ে মনুষত্যক কবৰ দিয়ে।
এখন দেশ য’ত শোণিতৰে ফাকুৱা খেলি এদল ৰাজনীতকে ভাল পায়
ৰাজনীতিৰ পথাৰ খনত ধৰ্মীয় অসহিষ্ণুতা, ঘৃণাৰ জাল পেলায়
নিৰীহ জনতাই সিহঁতৰ জালত পৰি নিজ সত্ত্বাক পাহৰি যায়
পলকতে শান্তিৰ ঠাই অশান্তি বেদনাৰ বায়ু প্ৰৱল বেগে ছানি ধৰে।
এখন দেশ য’ত ন্যায়, ন্যায়ৰ দুৱাৰত কান্দে নিজৰ বাবে
ন্যায়ৰ মন্দিৰও ৰক্ষা নাপায় দেশৰ ৰজাৰ পৰা
চুৰি, অপহৰণ, ছিন্দিকেট, দুৰ্নীতিৰে ৰেকৰ্ড গঢ়িব জানে
ন্যায়িক দায়িত্ব পালনৰ ক্ষেত্ৰত ৰজাৰেই আধিপত্য অধিক।
এখন দেশ য’ত উশাহ লোৱা টান যত মৃত্যু সহজ
প্ৰতিবাদ কৰিলেই বিপদ
সেয়ে আমিও নিশ্চুপ
দেশেও অতি সত্বৰ ৰসাতলে গৈ আছে
No comments:
Post a Comment