চকু
যতীন মিলি
সমুদ্ৰৰ নীলাতকৈ গাঢ়
তোমাৰ দুচকুৰ নীলা
দুচকুত নীলা আছে বাবেই দৃষ্টিত বাহিৰ হয়
প্ৰণয়ৰ পোহৰ
সেই পোহৰৰ ঢৌ ঢৌ আবেদনে স্পৰ্শ কৰে
হৃদয়ৰ গভীৰত...
চকুৰ শিখা নুমাই
অনুভৱৰ স'তে সহবাস কৰিলে
পূৰ্ণতা পায় প্ৰেমে
প্ৰেমৰ বাবেই সৃষ্টি চকু
পোহৰাবলৈ পৃথিৱীৰ সেউজীয়া বুকু…
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment