বৰষুণত ৰঙা কৃষ্ণচূড়াবোৰ তিতিছে
অংকুৰণ আৰ্ফ
বৰষুণত ৰঙা কৃষ্ণচূড়াবোৰ তিতিছে
কৃষ্ণচূড়াবোৰৰ সৰু সৰু পাহিবোৰৰ আঁৰতে
বৰষুণত তিতি জুৰুলি-জুপুৰি হৈ
জুপুকা মাৰি বহি আছে
স্মৃতিৰ সৰু এজনী চৰাই
বৰষুণত ৰঙা কৃষ্ণচূড়াবোৰ তিতিছে
চহৰখনত আকাশ ৰঙাই চাৰিওপিনে
কৃষ্ণচূড়া ফুলিছে
কৃষ্ণচূড়া ফুলিলেই বাঢ়ি আহে স্মৃতিকাতৰতা
কৃষ্ণচূড়া ফুলিলেই মনৰ মন্দিৰত উৰে প্ৰেমৰ পতাকা
কৃষ্ণচূড়া ফুলিলেই দুৰ দুৰকৈ উজাই আহে
বুকুত গোপনে পুৰণি বিষ এটা
আকাশ ৰঙা কৰি কৃষ্ণচূড়া ফুলিলে চহৰখনে
ন-কইনা হৈ দুহাতত জেতুকা লয়
কেউপিনে ওলমি থাকে অলেখ বাসনাৰ
ৰঙা ৰঙা চিলা
কৃষ্ণচূড়া ফুলিলে এজাক গাভৰুৱে খিলখিলাই হাঁহি
চহৰখনক প্ৰেমিক কৰি তোলে
এনেদৰে এদিন কৃষ্ণচূড়া ফুলাৰ বতৰতে তুমি
ৰঙা ঊৰ্ণা উৰুৱাই মতলীয়া সুৰ হৈ
মোৰ বুকুৰ বাঁহীত বাজি উঠিছিলা
সেইদিনা তুমি দীঘল চুলিৰে বেণী গুঁঠিছিলা
তাত সৰু সৰু ৰঙা ৰিবন মাৰিছিলা
ঠিক যেন এখন কৃষ্ণচূড়াৰ আকাশ
(এতিয়া তুমি নাই আজিকালি বেণী গোঁঠা
ছোৱালীবোৰো দেখিবলৈ নাই !)
ৰঙা কৰি আকাশ এতিয়া চাৰিওপিনে কৃষ্ণচূড়া ফুলিছে
বৰষুণত সৰু সৰু তেজৰঙা পাহিবোৰ তিতিছে
ৰঙা মানেই যেন এটুকুৰা হেৰুৱা প্ৰেমৰ সুবাস
ৰঙা মানেই যেন স্মৃতিৰ কলিজাৰ
এপাহ তেজৰ গোলাপ
ৰঙা ৰঙা
ৰাশি ৰাশি
কৃষ্ণচূড়াই আকাশ
আৱৰি শুৱনি কৰিছে
চৌপাশ
সোঁৱৰণীৰ বৰষুণত তিতি
কলিজাৰ গোট মৰা ৰঙাখিনি গলি
তাতে মিলি হৈ পৰিছে
কৃষ্ণচূড়াৰঙী এখন প্ৰেমৰ আকাশ...!!
No comments:
Post a Comment