অপেক্ষা
ভাৰতী বসুমতাৰী
ধেমাজি
কেতিয়াবা অন্তহীন অপেক্ষাৰো কোনো মূল্য নেথাকে
ভিৰৰ মাজতো মানুহ প্ৰেমতেই সংগহীন হৈ পৰে
সকলো থকাৰ পিছতো মানুহক প্ৰেমেই সৰ্বশ্ৰান্ত কৰে
বুজি পোৱাৰ পিছতো অবুজ ভাৱনা এটা প্ৰেমতে থাকে
তথাপি প্ৰেমত পৰে মানুহ
অপেক্ষা কৰে
ক্ষণিকৰ সুখত উপচি উঠে।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment