মুক্ত পখী
বিজুলতা পায়েং
গোগামুখ
চাৰিটা কোঠাৰ মাজত সদায় আৱদ্ধ হৈ থকা কণমানি নন্দিনীয়ে আজি পিতাক ৰামেশ্বৰ আৰু মাক পমিলীৰ স'তে আইতাকৰ ঘৰলৈ ৰাওণা হৈছে। মনত কিমান যে আনন্দ উল্লাস। সৰু ছোৱালীৰ মন, নেদেখা বস্তু এটা চোৱা আৰু নজনা কথা এটা জনাৰ জিজ্ঞাসাই নন্দিনীৰ মনত কৌতুহল কৰি তুলিছে। সিফালে মহানগৰীৰ মাজত জন্ম হোৱা নন্দিনীক মাক বাপেকে বৰ আলাসত ৰাখিছে। যি লাগে তাকে দিয়ে। কোনো বস্তুৰ অভাৱ অনুভৱ কৰিব নিদিয়ে।
নৈশ ৰেলেৰে আইতাকৰ ঘৰলৈ যাত্ৰা কৰিবলৈ ষ্টেচনত প্ৰৱেশ কৰিল। ষ্টেচন পোৱাৰ লগে লগে ইমান মানুহৰ সমাগম দেখি মনত কি যে সুখ অনুভৱ কৰিছে তাই।
: অ’ মা মানুহবোৰৰ ঘৰ বাৰী নাই নেকি ! কিয় ইয়াত ইমান মানুহ !!
: শুনা নন্দী তুমি যেনেকৈ মামাহঁতৰ ঘৰলৈ যাবলৈ ইয়ালৈ টিকট কৰি ঘৰলৈ যাবা ঠিক তেনেকৈ এই মানুহবোৰেও বহু দূৰ দূৰণিলৈ যাব। কোনোবা নিজৰ ঘৰলৈ, কোনোবা আত্মীয়ৰ ওচৰলৈ, কোনোবা নিজৰ কামৰ বাবে তেনেকৈ সকলোৰে নিজৰ নিজৰ কামত আহিছে আৰু গৈছে।
:তেনেহ'লে তুমি যে মোক কোঠাটোৰপৰা ওলাব নিদিয়া !
:তুমি সৰু হৈ আছা মোৰ দেহা। ডাঙৰ হ’লে তুমিও নিজে নিজে যাব লাগিব।তোমাৰ দেউতাৰাই বুঢ়া হ'লে তুমিহে আমাক ষ্টেচনলৈ অনা নিয়া কৰিব লাগিব।
: হয়নেকি মা !
অথাতে ফুথপাথত দুজনমান খুজনীয়াই ভিক্ষা খুজি থকা দেখা পালে। ভিক্ষাৰীজনৰ ওচৰলৈ দৌৰ মাৰি তাই “অ’ ককা তুমি বাৰু ইয়াত ইমান লেতেৰাকৈ কি কৰি আছা। তোমাৰ কাপোৰযোৰ ফাটি চিঙি গৈছে। নতুন কাপোৰ পিন্ধা আকৌ। আমাৰ ঘৰলৈ আহিবা ককা। আমাৰ ঘৰত বহুত বস্তু আছে।”
: মাজনী তোমাৰ নামটো কি ?
:ককা মোৰ নাম নন্দিনী
:বৰ ধুনীয়া নাম দেই তোমাৰ।
:তুমি ইয়াত অকলে কি কৰি আছা।
:মই মা-পাপাৰ লগত আইতাহঁতৰৰ ঘৰলৈ যাম আকৌ !
সিফালে পিতাক ৰামেশ্বৰে বস্তু-বাহানিবোৰ উঠাই থাকোতে পমিলীয়েও সহায়ৰ বাবে এটা মোনা হাতত ললে। পাঁচ মিনিটমান যোৱাৰ পাছতহে জীয়েক নন্দিনীক কাষত নাপাই ইফাল-সিফাল দৌৰা -দৌৰি কৰি চৌলাথ কৰি বিচাৰি ফুৰিলে। বাপেক ৰামেশ্বৰ মনত এফাল কলিজা ফাটি যোৱা যেন অনুভৱ কৰিলে। দুয়ো পতি-পত্নীয়ে সকলোকে সোধ-ফোচ কৰিলে নাই… কোনে কাৰ কথা চিন্তা কৰিব। যিহেতু সকলো যাত্ৰীবাহিনী। কোনেও কাকো চিনি নাপায়।
প্ৰায় বিশমিনিটমান পাছত ষ্টেচনৰ পৰা এক কিল'মিটাৰ আঁতৰত পমিলীয়ে নন্দিনীৰ পিন্ধা ফ্ৰকটো দেখা পালে। বেছি আঁতৰ হোৱা বাবে স্পষ্টকৈ ধৰিব নোৱাৰিছিল। দেখাৰ লগে লগে পমিলীয়ে নন্দী নন্দী কৈ দৌৰ মাৰিলে। জীয়েক নন্দিনীৰ বিচ্ছদৰ যন্ত্ৰণাই পমিলীৰ উশাহ লোৱাত চুটি হোৱা যেন অনুভৱ কৰিলে। তথাপি মনৰ যন্ত্ৰণা নেওচি নন্দিনীক বিচাৰি ফুথ-পাথৰ পালে দৌৰি মাৰিলে।
ফুথ-পাথৰ ৰাস্তাৰ কাষত তাই হেঁপাহ পলুৱাই খেলি আছে কেইজনমান ল’ৰা ছোৱালীৰ লগত আৰু এটা খেলনা বাজনা মুখত বজাই ফুৰ্তি কৰি আছে। মাকে নন্দনীক কাষত পাই বৰ আকুলতাৰে সাবটি ধৰি কান্দিবলৈ ধৰিলে নন্দী তুমি কিয় এনেকৈ কাকো নোকোৱাকৈ গুচি গৈছিলা ?
: মই তোমাক বিচাৰিছিলো কিন্তু তোমাক আৰু পাপাক দেখা নাপাই সৌ ককাজনৰ লগত আছিলো। তাৰ পিছত মই সৌ লগৰীয়াৰ লগত খেলি আছিলো। সৌ ককাই মোক এই বাজনাটো কিনি দিছে আৰু কৈছে মা পাপা যেতিয়ালৈকে নাহে তুমি ইয়াতে খেলি থাকিবা বুলি ক’লে....”
:ককাজন ক’লৈ গ’ল !
: নাজানো নহয় মা। তেওঁ বহুত ভাল আছিল মা। আমাৰ ককাৰ দৰে মোক বৰকৈ মৰম কৰিছিল। তুমি আজিৰপৰা এনেকৈ আমাক এৰি ক’তো নাযাবা নন্দী। তোমাৰ পাপাই তোমাক বিচাৰি নোপাৱাৰ বেদনাত কান্দি কান্দি আতুৰ হৈ গৈছে ?
: “ব’লা তোমাৰ পাপাৰ ওচৰলৈ যাওঁ “বুলি নন্দিনীক কোলাত উঠাই লাহে লাহে বাপেকৰ কাষলৈ লৈ গ’ল। লাহে লাহে তেওঁলোকে যোৱা নৈশ ৰেলখনৰো যাত্ৰাৰ উকি আৰম্ভ হ’ল.......।
No comments:
Post a Comment