দহন
চন্দনা ভাগৱতী
গভীৰ নিশা। সময় ঘড়ীত এক কি দুই বাজিছে। ঘুটুংকৈ হোৱা এটা শব্দত পূৰ্ণিমা চক খাই উঠিল। তাই হাতত সাৰে ভৰিত সাৰে বিচনাৰ পৰা উঠি আহিল।আৰু পাকঘৰত হোৱা যেন পোৱা শব্দটোৰ উমান লৈ সেইফালে চাই তাই আজি আকৌ বিচুৰ্টি খালে।তাই কি দেখিছে এইবোৰ--!
: দেউতা-? কি কৰিছে-? দেউতা, অৰ্থাৎ দৰশথ ডেকা। ঘৰখনৰ মালিক।তাই এইখন ঘৰত ভৰি থোৱাৰ দিনা তাইক তেওঁ দেউতা বুলি মাতিব দিছিল। সেয়ে তাইৰো তেওঁ দেউতা--।
দেউতাকে কুকাৰৰ ঢাকনি খুলি থাল এখনত ভাত বাঢ়ি লৈছে।
: বৰ ভোক লাগিছে অ' পূণিমা আইজনী-।কণ্ঠত যেন অনুনয়ৰ সুৰ...
তাই নিৰৱে দেউতাকলৈ কিছু সময় চাই ৰ'ল। দেউতাকেও তাইলৈ চাই অবাক হৈ ৰ'ল।পূৰ্ণিমাই তেওঁৰ হাতৰ পৰা থালখন আনি ৰৈ যোৱা যি আছিল তাকে গৰম কৰি ডাইনিঙত বহি খাবলৈ দিলে।দেউতাকেও তৃপ্তিৰে ভাতখিনি খাই বিচনালৈ যাব বিচৰাত তাই বিচনালৈ নি শোৱাই থৈ আহিল। তাৰ পিছত পূৰ্ণিমাই কাহী-বাতিখিনি সামৰি পুনৰ বিচনালৈ গ’ল। আজিকালি দেউতাকৰ এনে ধৰণৰ অবান্তৰ কাম কিছুমান হৈয়ে থাকে। আজিৰটো আৰু কিছু অবান্তৰ। আজি কেইবাদিনো ধৰি তাই লক্ষ্য কৰিছে-তেওঁৰ কথা-বতৰাতো কিছু পৰিবৰ্ত্তন ঘটিবলৈ লৈছে। সদায় দেখি থকা বস্তুবোৰৰ নামো মাজে মাজে পাহৰি গৈছে।কিছু সময় আগতে কোৱা কথাবোৰ আৰু কৰা কামবোৰ মনত নথকা হৈছে। ঘৰলৈ কোনোবা আলহী আহিলেও বেয়া পায়।এদিন অহা আলহীকো সদায় সদায় ইমানকৈনো কেলৈ আহিব লাগে বুলি কটু কথা শুনায়। চচমাজোৰ পিন্ধি থকা অৱস্থাতো সেইজোৰকে বিচাৰি হাহাকাৰ কৰি ফুৰে।কেতিয়াবা নিজৰ ৰূমটোৰ দৰ্জাখন ক'ত আছে বুলি বিচাৰি বিচাৰি পয়মালৰ সৃষ্টি কৰে।নিজৰ কোঠাটো পাহৰি বাথৰূম বা পাকঘৰত সোমায়। আনকি চাহ-ভাত খাইয়ো নখোৱা বুলি কোৱাতো তেওঁৰ অভ্যাসত পৰিণত হ’ল। এদিনাখনৰ কথা, তেওঁ কাপোৰ-কানিবোৰ বান্ধি মনে মনে বহু দূৰলৈ গৈ ঘৰলৈ ঘূৰি আহিবই পৰা নাছিল। কন্দৰ্পইহে ওচৰ-চুবুৰীয়াৰ সহায় লৈ পুলিচত খবৰ দি ঘৰলৈ ঘুৰাই আনিব লগা অনা হ'ল।মাজে মাজে ওচৰত কোনো মানুহ নাথাকিলেও ঘৈণীয়েক ৰমলাৰ কথা কৈয়েই থাকিব। গাৱৰ ঘৰৰ কথাবোৰো কৈ কৈ কেতিয়াবা আমোদ কৰিব। ৰমলাৰ বাবে দুখ কৰিব।ৰমলা তেওঁৰ পত্নী। ৰমলাৰ বাবেই এই ঘৰ-সংসাৰ। কিমান যে আটোম-টোকাৰিকৈ ঘৰখন সজাইছিল। কিন্তু ভালদৰে উপভোগেই কৰিব নোৱাৰিলে তাই। প্ৰেচাৰৰ টেবলেট খাই থকা স্বত্বেও কি জানো হ'ল--! হঠাতে স্ত্ৰোক হৈ মোক অকলশৰে এৰি গুছি গ'ল বুলি প্ৰায়ে আক্ষেপ কৰি থাকিব। মাজে মাজে ৰমলা অ’ ৰমলা বুলি পূৰ্ণিমাকে মাতি থাকিব।
এটাৰ পিছত এটাকৈ তেওঁৰ এনে বিসংগতিয়ে ঘৰখনত বৰ অশান্তিৰ সৃষ্টি কৰিছিল। মনোকষ্টত ভূগিছিল পিছে কন্দৰ্পটোহে। সি তাৰ জীৱনত দশৰথ ডেকাক নিজৰ পিতৃ বুলি জ্ঞান কৰি আহিছে।নকৰিবনো কিয়--?? তাক ডেকাই জীৱন দিছে।বানপানীত মাক-দেউতাক উটি যোৱাৰ পিছত গাঁৱৰ হৰি মাষ্টৰে তাক যি ডেকাৰ ওচৰত থৈ গৈছিল।তেতিয়াৰ পৰা ডেকাইও তাক নিজৰ সন্তানৰ দৰেই মৰম কৰিছে। গতিকে সি তেওঁক কেতিয়াও অবহেলা কৰিব নোৱাৰে।আনকি তাৰ বিয়াখনো নিজ ঘৰতে পাতি পূৰ্ণিমাকো ইয়াতে ঠাই দিছে। সেয়ে তাৰ তেওঁক লৈ বৰ কষ্ট হয়। সি নিজেই তেওঁক লৈ গৈ ডক্টৰক দেখুৱাইছে। চিকিৎসা কৰিছে। ডক্টৰক দেখুওৱাত ডক্টৰে তেওঁৰ ৰোগৰ লক্ষণবোৰ শুনাৰ পিছত সকলো কথাই বুজাই দিছে।এই লক্ষণবোৰ হেনো সাধাৰণতে এলজেইমাৰ ৰোগৰ লক্ষণ। এলজেইমাৰ ৰোগ হৈছে একপ্ৰকাৰৰ স্নায়বিক ৰোগ। ইয়াৰ প্ৰধান লক্ষণ হৈছে শেহতীয়া ঘটনাৱলী সোঁৱৰণ কৰাত অসুবিধা হোৱা। ৰোগৰ প্ৰাবল্য বৃদ্ধি হোৱাৰ লগে লগে এনেবোৰ সমস্যাই দেখা দিয়ে। ইয়াৰ বাবে পৰিয়ালৰ লোক খুবেই সচেতন হোৱা দৰকাৰ।আদৰ যত্নৰ অতি প্ৰয়োজন এনে ৰোগীৰ ক্ষেত্ৰত। নিয়মিতভাবে মানসিক আৰু শাৰীৰিক ব্যায়াম কৰিলে আৰু এই ঔষধ কেইটা সেৱন কৰিলে এই ৰোগৰ সম্ভাৱনাৰ পৰা বহুখিনি হ্ৰাস পোৱা যাব।কন্দৰ্প আৰু পূৰ্ণমাইও ডক্টৰে কোৱা ধৰণেই সকলো কৰি গৈছে। কিন্তু, নিজ পুত্ৰ-বোৱাৰীৰ পৰা সদায় যে তেওঁ লাঞ্চনা গঞ্জনাহে পাই আহিছে।কেৱল টকা-পইচা, সা-সম্পত্তিৰ কথাই সিঁহতক মূৰত কামোৰি থাকে।
মাজনিশা হঠাতে সাৰ পাই উঠাৰ বাবে পূৰ্ণিমাৰ বহু সময় ধৰি অলপো টোপনি নহাকৈয়ে বিচনাখনত বহু সময় জঠৰ হৈ পৰি থকাৰ সময়তে এটা সময়ত তাই লাহে লাহে তন্দ্ৰাচ্ছন্ন হৈ পৰিবলৈ ধৰিলে আৰু শেষনিশা তাইৰ চকুৰ আগত ভাহি উঠিছিল কিছুমান অসংলগ্ন ছবি। সৰুতে দেউতাকক হেৰুৱা পূৰ্ণিমাইও দশৰথ ডেকাকে দেউতাক বুলি মানি পাৰ্যমানে তেওঁক সন্তুষ্টি দিবলৈ চেষ্টা কৰি আহিছে। শুশ্ৰুষাৰ অকনো ক্ৰুটি কৰা নাই তাই এই মুহূৰ্তলৈকে। চিলমিলকৈ অহা টোপনীতে যেন তাই দেখিবলৈ পাইছে দেউতাকৰ লগত কাৰোবাৰ খুব টনা-আজোৰা। তাই চিঞৰিছে, অথচ চিঞৰিব পৰা নাই।
জীৱনক লৈ দশৰথ ডেকাৰ আজি যেন ভীষণ ভাগৰ লাগিছে।বয়সে কোঙা কৰা ডেকাৰ এনেও চৌপাশক লৈ কোনো সজাগতা নাই।ঘৰ ঘৰ বুলি অ'ত শ্ৰম কৰি বিলীন কৰি দিয়া ঘৰখনৰ নামত পালেই বা কি-? এই বুঢ়া বয়সত তেওঁৰ ওচৰত নিজৰ পুতেক-বোৱাৰীয়েকৰ ছাটোকে দেখিবলৈ নাপায়। ডাঙৰ পুতেক-বোৱাৰীয়েকে বেলেগে ভাৰাঘৰত থাকে। বোৱাৰীয়েকজনী যিহে একেবাৰে যেন মেমচাহাব। খোৱা-পিন্ধাৰ ধৰণ কি চাবা। গিৰিয়েকটোৱেও তাইৰ আঙুলি ঠাৰত নাচি থাকে। সম্পত্তিৰ ভাগ লাগে বুলি সিদিনা ডাঙৰ পুতেকে বাপেকক যিবোৰহে কথা শুনাই থৈ গ'ল। বাপেকৰ সেইদিনাৰ পৰা মগজটো অলপ বেছিকৈ লৰিছে। আনফালে সৰু পুতেকে অলৌ-তলৌকৈ দিহিঙে-দিপাঙে ঘূৰি ফুৰোতেই যায়।ভাল কৰ্মসংস্থান এটা নাই। সৰু-সুৰা কাম কৰিলেও উন্নতি কৰিব পৰা নাই। কেৱল দেউতাকৰ পৰা টকাসোপা নিয়ে আৰু খৰচ কৰে। ৰাতি প্ৰায়ে ঢলংপলংকৈ সি দেৰিকৈয়ে ঘৰলৈ আহে।কেতিয়াবা বাহিৰতে থাকে। আজিতো সি ঘৰলৈ অহাই নাই। সেইলৈও বাপেকটোৰ সদায় চিন্তা। তেওঁ নহ'লে বা সি কেনেকৈ কি কৰিব -? তেওঁৰ নিজৰেই বা কি গতি হ'ব-? ৰোগ-ব্যাধিৰ সময়ত তেওঁক প্ৰতিপাল বা কৰিবই কেনেকৈ-? নিজে থকালৈকে ভোকৰ ভাতমুঠিৰ ঠিকেই জোগাৰ হ'ব-? এনে ভীতিয়েই ডেকাৰ মনত বাৰুকৈয়ে থিতাপি ল'লে।নিজৰ নহ’লেও পূৰ্ণিমাই অৱশ্যে তেওঁৰ বৰ যত্ন লয়।
মাজে মাজে ডেকাই মনটো টান কৰি লয়। তথাপি, ঘৈণীয়েকৰ স্মৃতিয়ে তেওঁক পুনৰ দুৰ্বল কৰি পেলায়। ঘৈণীয়েক ঢুকোৱাৰ প্ৰায় ৮ বছৰমানেই হ’ল। ঘৈণীয়েক ঢুকুৱাৰ পিছৰে পৰা দৰাচলতে এনে এটি প্ৰচণ্ড ভয়ে তেওঁৰ মনত অগা-ডেৱা কৰি আছিল। কিয়নো, ঘৈণীয়েকেই ঘৰখনৰ সমস্তবোৰকে আৱৰি লৈছিল।তেওঁৰ নিজাকৈ একো চিন্তাই কৰিব লগা হোৱা নাছিল। চাকৰিৰ টকাকেইটাৰ কেনেকৈ কি খৰচ কৰিব লাগে সকলো দায়িত্ব ঘৈণীয়েকেই চম্ভালি লৈছিল। আনকি তেওঁৰ সামান্য গাটো গৰম হ’লেও দৰৱ পাতি কেতিয়া কেনেকৈ খাব, ল’ৰা দুটাৰ আপডাল সকলোবোৰ কেনেকৈযে সামৰি লৈছিল, এতিয়া ভাবিলে তেওঁ আচৰিত হৈ পৰে।
: উস--! পুৱাৰাতি তেওঁৰ বুকুখন ঢপঢপাবলৈ ধৰিলে। এটা প্ৰচণ্ড বিষ আহি কলিজাটোতে যেন কামোৰ মাৰি ধৰিলেহি। তেওঁ এখন হাতেৰে বুকুখন হেচা মাৰি ধৰি কিবা ক'ব বিচাৰিছে। মাতটো ফুটি ওলোৱা নাই।
আনকালে দশৰথ ডেকাই ৰাতিপুৱা সূৰ্য উদয়ৰ লগে লগে আগফালৰ বাৰাণ্ডাত বহি সূৰ্যোদয়ৰ মোহনীয় দৃশ্য উপভোগ কৰি কিছুসময় নিৰৱে কটায়।সূৰুযৰ সাতোৰঙী আভাৰ সৈতে মেঘৰ মিতিৰালি আৰু বিচ্ছুৰিত পোহৰৰ বৰ্ণালী চাই ডেকাই জীৱনৰ ভাল-বেয়া বহুতো কথা স্মৰণ কৰে।পূৰ্ণিমাই দিয়া চাহকাপ খাই তাইৰ লগতো কিছু কথাৰ ভাগ-বতৰা কৰে।
পূৰ্ণিমাই চকামকাকৈ সাৰ পাই কিনো দেখিলে বুলি বিচনাৰ পৰা উঠি আহি মুখ হাত ধুই চাহ বাকি দেউতাকলৈ বুলি লৈ আহিল। কিন্তু, আজি পূৰ্ণিমাই দেউতাকক বিচনাৰ পৰা নুঠা দেখি হতবম্ব হ’ল। তাই দেউতাকক মাতিব গৈ একো সাৰ-সুৰ নপোৱাত তাইৰ গাটো জিকাৰ খাই উঠিল। অজান ভয়ত তাই কঁপিব ধৰিলে। গিৰিয়েকক চিঞৰি বিচনাৰ পৰা টানি উঠাই দিলে। ওচৰ-চুবুৰীয়াও গোট খালে।কোনোবা ডক্টৰৰ ওচৰলৈ গ’ল। কোনোবাই এম্বুলেন্সত খবৰ দিলে, আন কোনোবাই পুতেকহতক খবৰ দিয়াৰ কথা ক’লে। অৱশেষত পুতেকহত আহি পোৱাৰ আগতেই বিচনাত পৰি থকা ডেকাৰ নিথৰ দেহটোক দুজনমানে দাঙি নি চোতাল পোৱালেগৈ।
No comments:
Post a Comment