সপোন
ৰঞ্জু গায়ন বৰুৱা
নামৰূপ
সপোন কেনভাচত তুলিকা বোলাওঁ
প্ৰিয়তম প্ৰতিকৃতি তোমাৰ সজাওঁ ৷
স্খলিত স্পন্দিত মোৰ মন দাপোণত ,
তোমৰেই প্ৰতিবিম্বি পাওঁ
স্বপ্নৰ সোণালী পৰি
আঁকি দিছা অকপটে কত আশা, কতভাষা
ছবি ছন্দ ফুল তৰা গীত
নীলাঞ্জনা মেঘ নন্দিনী
কেতিয়াবা জিলিঙনি
কেতিয়াবা মেলি দিছা
ক'লা চুলিটাৰী
কুঁহকিনী কুৰঙ্গনয়নী
নীলাৰ বুকুত আলফুলে দিওঁ
খোপাত তোমাৰ তৰাফুল গুজি
হৃদয় গুঞ্জৰি উঠে
তোমাৰে প্ৰেমৰ ৰাগিণী
মৌসনা মিঠা মাতে
প্ৰগল্ভ আলাপেৰে মুহিলা হৰিলা মোৰ চিত
কোন তুমি স্বপ্নীল আৱেশৰ মায়া
কিছু আলো কিছু ছায়া
কবিতা সবিতা মোৰ প্ৰাণ-প্ৰিয়তমা ৷
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment