মানো মই তোমাক
হিমাংশু কলিতা
গোলাঘাট
শুকুলা চন্দনৰ আধৰুৱা প্ৰেম মই মানো,
মানো মই তোমাক
প্ৰেমৰ পথিক সপ্ত সাগৰৰ,
সাতুৰিবলৈ কিন্তু জীৱন ভাগৰুৱা
আশা আখৰুৱা।
মানো মই
শুনা কওঁ
চহৰ প্ৰেমৰ কবিতা
বুকুৰেদি বৈ যায়
ৰক্ত ৰজশ্ৰলা উদ্মান যৌৱনৰ সৌমৰস।
এনেইটো মানো মই
কলীয়া ডাৱৰত তিতিলে
প্ৰেমৰ প্ৰথমজাক বৰষুণ,
লগত তিতিল শুকান কলিজাত এমুঠি দুবৰি,
হালধীয়াহৈ সোণাৰুবোৰ ফুলিল
ফালিল কু্ঁৱলী।
মানো মই তোমাক
উজাগৰি নিশাৰ হেঁপাহৰ
প্ৰথমটো জোনাকী
জিলিকাই যৌৱনৰ ৰাগীয়াল সুৰত
বিনিদ্ৰ ৰজনী।
মানো মই তোমাক
ফাগুনৰ প্ৰথমজাক পছোৱা
এপাহ ফুলৰ কলিত
বিচাৰি পোৱা
জীৱন মধুৰ অমিয়া
মানো মই তোমাক…
No comments:
Post a Comment