অজুহাত
অনুস্মিতা ফুকন
জীৱন জীয়াবলৈ আশা নামৰ অজুহাত এটিয়েই যথেষ্ট
যেনেদৰে
সুখী হ’বলৈ টানকৈ বান্ধি ৰখা
বিশ্বাসৰ হাতখনেই সকলো
দুখী হোৱাৰ, চকুলো টুকাৰ
অজুহাত অনেক
সময়ক দোহাই সম্পৰ্কবোৰত যান্ত্ৰিকতাৰ প্ৰলেপ সনাৰ অজুহাতো এতিয়া অনেক
অজুহাতৰ পৰশে ঢুকি নোপোৱাকৈ
কঠিন কেৱল
চকুলো সামৰি
দুওঁঠত সন্তুষ্টিৰ হাঁহিক জিলিকাই ৰখা
সময়ৰ আহ্বানত
আকাশৰ তৰাৰ দৰে নিজৰ পথৰ স্ৰষ্টা এতিয়া নিজেই হ'বৰ হ’ল
যান্ত্ৰিকতাৰ পৃথিৱীত উশাহ-নিশাহৰ
অজুহাতবোৰ এতিয়া যথেষ্টই সুলভ হ’ল
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment