অনুৰাগ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 31, 2024

অনুৰাগ

 


অনুৰাগ


               ড° দেৱজিৎ পেগু


দুপৰ ৰজনীত

মোৰ মনৰ বিননি

দুনয়নত স্তব্ধ টোপনি

তুমি আছা বহু দূৰনিত.......

এতিয়া ছাগৈ!!!

শুক্ল পক্ষৰ সুনীল গগনৰ বক্ষত

কোটি কোটি অযুত উজ্জ্বল তৰাৰ চিকমিকনি!!!


জীৱনৰ সোণোৱালী যৌৱনত

তুমি মোৰ মনৰ মাজত...

হাঁহিভৰা মিঠা মুখেৰে

লুকাভাকু খেল খেলা

তুমি মোৰ হৃদয়ৰ বেদীত...


তুমি নৃত্য কৰা অহৰ্নিশে

মোৰ অবুজ আমঠুৰ গভীৰত

জোনালীময় চিত্তৰ বিন্যাসত

অবিৰতভাৱে.......


ফুলৰ সুঘ্ৰাণ বিয়পে কেৱল বতাহৰ অনুকূলত কিন্তু জানা প্ৰিয়তমা সুচৰিত্ৰৰ সুবাস বিয়পে অষ্টদিশত।

জানানে মোৰ প্ৰাণেশ্বৰী

নিৰ্মল প্ৰেমৰ অমৃতালাপ

জাহিৰ আধৰুৱা হয়!!!

Mobile ৰ Network ত কিম্বা

Internet ৰ screen ত !!!


অতিথি অধ্যাপক

দৰ্শন বিভাগ

গোগামুখ মহাবিদ্যালয়


Doksiri দকচিৰি, জুন, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages