বিদায় ক্ষণত বসন্ত
ৰূপালী মেধী নাথ
প্ৰকৃতিৰ পৰা বসন্ত বিদায় মাগিবৰ হ’ল
তথাপিও চোন বহাগৰ বতাহ জাক চঞ্চল হৈয়েই আছে.....
মনবোৰো ৰঙীয়াল হৈ আছে....
ৰঙালী বিহুটো যেন শেষেই নহ’ব !
কথাতে কয়, ব’হাগ মাহটোৱে বিহু....
একেই উলহ-মালহ, একেই ৰং-ৰহইচ ...!
নহ’বই বা কিয় !
হেঁপাহৰ ৰঙালী বিহুটো যে
প্ৰতিজন অসমীয়াৰ সিৰাই সিৰাই শিপাই আছে ....।
ব’হাগৰ বুকুতে অংকুৰিত হয়
সৃষ্টিৰ বীজ……
কঢ়িয়াই আনে আশাৰ বতৰা…..
সেয়ে নতুনক আদৰাৰ মানসেৰে চলোৱা হয় ব'হাগীজনীক বিদায় দিয়াৰ
প্ৰস্তুতি....
মনৰ উলাহেৰে
উদযাপন কৰা হয় বসন্ত উৎসৱ ব’হাগী বিদায় অনুষ্ঠান....
যাতে ফুলে-ফলে জাতিষ্কাৰ হৈ
ন ব’হাগীজনী আকৌ যেন প্ৰকৃতিৰ বুকুলৈ আহে....
যাতে দেহ মন ৰাইজাই কৰে কুলি কেতেকীৰ মিঠা মাতে…..।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment