তোমাৰ প্ৰেমত
হিমাংশু শইকীয়া
মৌনতা,
নীৰৱতা,
আৰু তোমাৰ আঙুলিবোৰে মোৰ আঙুলিৰ লগত কথা পতা...
তোমাৰ গালৰ পুখুৰীটোত মাছ এজনী হৈ
জিৰাই আছোঁ মই।
তোমাৰ উশাহত পুখুৰীৰ পানীবোৰ বাঢ়িব ধৰিছে
মাছৰ উজান উঠিছে।
তুমি মন কৰিছা নে ?
তোমাৰ চকু ফুটি ওলাই আহিছে এটা গছৰ পুলি
শিপাব ধৰিছে চকুৱেদি বুকুলৈ।
ৰ’দ দিলেই
বেলিফুল হৈ ফুলি তোমাৰ নাভিয়েদি ফুলি উঠো মই
বৰষুণ দিলেই
উজাই যাওঁ তোমাৰ শিৰাই উপশিৰাই।
তোমাৰ খোজৰ মাতত
বুকুত মোৰ ঢোল এটা বাজে
ঐনিতম এফাকি জুৰি
নাচিব ধৰে হাত বোৰে।
তোমাক পঢ়ি পঢ়ি
মুখস্থ কৰিলো তোমাৰ হাঁহি, তোমাৰ চকুপানী
তথাপি নুবুজিলো তোমাৰ কাব্য।
তোমাক মৰি যোৱা দেখি মোৰ ভিতৰত
খিৰিকীখন বন্ধ কৰিছো
ৰ’দে তোমাক নেদেখাকৈ ।।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment