প্ৰেম
অন্নপূৰ্ণা বৰা
যোৰহাট
নিয়ৰে নাজানে দুবৰীৰ ওজন কিমান,
মাথোঁঁ জানে দুৱৰি মানেই প্ৰেম।
শেৱালিৰ সুৱাসত,
সপোনৰ ঢৌ উঠে, সজল, সলাজ।
কোনোবা প্ৰেমিকে কবিতাত লিখে,
প্ৰেয়সীৰ কলাজ।।
বকুলৰ গোন্ধত ন-বোৱাৰী
হৈ পৰে সপোন ভৰুণ।
আবেগে ওপচে,দুকুল।
অভিমানী বৰষাই,
মেঘক লৈ অভিমান কৰে,
উফন্দি উঠে নদীৰ দুয়োটি পাৰ।
প্ৰাণ প্ৰায় উঠে ধৰিত্ৰী,
জোনাকী পৰুৱাই অভিমান
কৰিলেও বাৰিষাৰ ঢল নামে।।
আঘোণৰ পথাৰত, নিনাদিত হয়,
কোনোবা চিফূঙৰ সুৰ।
বাহীৰ সুৰত হাৰ পায় উঠে,
ৰাধা ! কৃষ্ণৰ ৰাধা
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment