ধানৰ থোকৰ দৰে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 31, 2024

ধানৰ থোকৰ দৰে



 ধানৰ থোকৰ দৰে


                    গায়ত্ৰী দেৱী বৰঠাকুৰ 


পিতাইৰ পথৰুৱা দেহত

জীৱনৰঙী এটি গোন্ধ 


গোন্ধটোৰ সতে 

মোৰ এই একাত্মতা আজিৰ নহয়


আইৰ হালধীয়া কথাবোৰ 

 সেউজীয়ী আশাবোৰ 

আঘোণৰ পথাৰৰ দৰেই গৰ্ভৱতী


এই ৰঙবোৰৰ সতে  মোৰ সহৃদয়তা 

হয়তো পুৰণি মোতকৈও 


আই

পিতাইৰ শাওণৰ পথাৰখনতো চোন

তই ৰুই থোৱা এবুকু ভৰুণ উশাহ 

যি হালধীয়া কৰিব খুজিছে মোকো


আচলতে কি জান আই


ধানৰ থোকৰ দৰেই জীৱনো


এদিন সেউজীয়াৰ দৰে গজি


ক্ৰমাৎ মোট সলায়


সীমাহীন চম্পাৱতী হালধীয়া

শেহত গুঁজি যায়


Doksiri দকচিৰি, জুন, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages