বাৰে বাৰে আঁকিছোঁ নিজক
ববী দত্ত
টীয়ক
গেৰুৱা মাটিৰে বাৰে বাৰে আকিছোঁ এখন মুখ
গাভাৰী নিজৰ মুখত
তুলিকাৰে ঢাকিছোঁ প্ৰকৃত চেহেৰা
অবিন্যস্ত চুলিৰে কপাল ঢকাৰ দৰে।
ঘনে ঘনে সলাইছোঁ নিজক
যেন নৱ জাতকৰ নতুন পোছাক
গাইছোঁ ভিন্ন সুৰী গান ,সময় সাপেক্ষে
চৰ্তহীন চৰ্তৰে।
সংকীৰ্ণতাৰ ফুটাৰে চকু পিৰিকিয়াই চাইছোঁ সমাজৰ ৰঙা বগা মানুহ
নিজৰ বাবেহে চকু গজিল
উমানৰ বাহিৰত নিজৰ শৰীৰ।
আমি মানুহ!
আকাংক্ষাৰ চূড়ান্ত প্ৰতীকত জিলিকি উঠা আশাৰ উচ্চতাত সিচিছোঁ ৰং
স্বপ্নিল ফটিকাৰ ৰাগিত নিজৰ নাম সলাই
নিজকে পাহৰি খামুছি ধৰিছোঁ মাটি।
সময়ে কজলা হাঁহি মাৰি এদিন মচিব মুখৰ ৰং
ভাষ্যমান হব প্ৰকৃত চেহেৰা
সময়ে কাকো নকৰে ক্ষমা।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment