সম্পাদকীয়.....
সময় আৰু জীৱন
সময় হ’ল মানৱ জীৱনৰ অমূল্য সম্পদ। প্ৰতিজন ব্যক্তিৰ জীৱনত সময়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সময়ক অৱজ্ঞা কৰা মানেই নিজৰ মূল্যৱান জীৱনক অৱজ্ঞা কৰা। কিয়নো জীৱন সময়েৰেই গঢ়া। পৃথিৱীত এনে বহু লোক আছে যি সময় আৰু জীৱনক লৈ বহুত ছিৰিয়াছ। অৱশ্যে ‘সময়’ সত্তাক বাদ দি বিপদৰ সময়ত মানুহ যদি প্ৰয়োজনতকৈও অধিক ছিৰিয়াছ হয় তেন্তে ই মানুহৰ স্বাস্থ্যত ঋণাত্মক প্ৰভাৱ পৰাৰ অৱকাশ থাকে সেয়ে আমি দুখীজনৰ সমুখত বহি এই বুলি সান্তনা দিও - “Take it easy” সময়ত সকলোবোৰ ঠিক হৈ যাব। সেই বাক্যশাৰীত ঐশ্বৰিক গুণ নথকা নহয়। নিশ্চয় আছে ! দুৰ্ভগীয়াজনো সেই শুভ সময়ৰ অপেক্ষাতেই কিছু সান্তনা লভে। এদিন ভাল দিন আহিব অৰ্থাৎ ভাল সময় আহিব য’ৰ পৰা জীৱনক আকৌ নতুনকৈ গঢ় দিবলৈ আৰম্ভ কৰিব পাৰি। এনেকৈয়েই বহুজনে সময়ৰ তাগিদাত নিজৰ জীৱন সলাই সফলতা অৰ্জন কৰিছে। জীৱনত সদায় ধনাত্মক দৃষ্টিভংগী বা “positive approach” এটা লৈ ফুৰিব লাগে। ধনাত্মক দৃষ্টিভংগীয়ে আত্মবিশ্বাস বৃদ্ধি কৰে। টকাৰ অভাৱত জুৰুলা হৈ পৰাজনেও এই কথা কেতিয়াও পাহৰিব নালাগে যে ‘ধনতকৈও সময় অধিক মূল্যৱান’। সময় সকলো ফালৰ পৰা ঠিক-ঠাক থাকিলেই ধন-সম্পদৰ আৱিৰ্ভাৱ হোৱাৰ দৰেই আপোনাৰ জীৱনৰ সপোনবোৰো সমুখৰ দুৱাৰত টুকৰিয়াই। গতিকে জীৱনৰ বেয়া সময়ক লৈ ইমান চিন্তিত হোৱাৰ প্ৰয়োজন নাই। সময়ে মানুহক নূন্যতম এবাৰ হ’লেও সুযোগ প্ৰদান কৰে যাতে সময়ৰ গতিৰ সতে তেওঁ এটি নিজা সুখী জীৱন লাভ কৰিব পাৰে। মাথোঁ সময়ৰ সেই ইংগিতটো ভালকৈ বুজি উঠি লাগিব।
সময়ৰ দৰে জীৱনো কেৱল একমুখী প্ৰবাহ। গতিকে জীৱনটো যিমান পাৰে আনন্দ মনেৰে উপভোগ কৰিব লাগে। সুখ-দুখৰ নিৰিখ লৈ জীৱনটো অবাবত নষ্ট কৰিব নালাগে। সুখ আৰু দুখ যদিও জীৱনৰ অবিচ্ছেদ্য অংগ ইয়াৰে দুখৰ কাৰণবোৰ আৱিষ্কাৰ কৰি নিগাজিকৈ সমাধান কৰি কেৱল সুখী জীৱনৰ সাধনা কৰা উচিত। জীৱনৰ আগলি বেলাতেই সেই সাধনাৰে দীক্ষান্ত হ’লে জীৱনৰ অপৰাহ্ণ সময়খিনি অতি মধুৰ আৰু সুখৰ হৈ পৰে। একোজন মানুহৰ জীৱন মধুৰ আৰু সুখৰ হ’লেয়ে সঁচা অৰ্থত জীৱনটো সাৰ্থক বুলি ক’ব পাৰি। অন্যথা জীৱনটো এটা শব্দৰ মাজতেই সীমাবদ্ধ হৈ ৰৈ যায়।
জন্মৰ পৰা মৃত্যুৰ আগমূহুৰ্তলৈকে সময়ে নিৰৱিচ্ছিন্নভাৱে আমাৰ জীৱনত ক্ৰিয়া কৰি থাকে। আচলতে সময় আৰু জীৱন একেই। উদাহৰণ স্বৰূপে এটি মুদ্ৰাৰ কথাকে ক’ব পাৰি। ইপিঠিক বাদ দি সিপিঠিৰ মূল্য একেবাৰেই নাই। ‘সময় আৰু জীৱন’ কোনোটোৱেই কাৰো বাবে অপেক্ষা নকৰে তৎসত্ত্বেও মানুহে জীৱন কালক তিনিটা শ্ৰেণীত (অতীত, বৰ্তমান আৰু ভৱিষ্যত) ভাগ কৰি অযথা সময়বোৰ নষ্ট কৰে। কাল অনুসৰি বৰ্তমানক বাদ দি বাকীবোৰৰ মূল্য তেনেই নগণ্য। অতীতে মানুহৰ দুখ বৃদ্ধি কৰে আৰু ভৱিষ্যতে মানুহৰ বৰ্তমানটোক নষ্ট কৰে। সেইফালৰ পৰা যদি সূক্ষ্মভাৱে নিৰীক্ষণ কৰা যায় তেন্তে বৰ্তমানক বাদ দি কোনোটোৰেই মূল্য নাই। সেয়ে অভিজ্ঞ সকলে কৈছে যে জীৱনৰ বৰ্তমানটোক উপভোগ কৰা। জীৱন মাথোঁ এবাৰহে পোৱা যায়। হেৰুৱা সময় আৰু কেতিয়াও পোৱা নাযায়। তথাপিও কিছুমান মানুহৰ বিলম্ব কৰাৰ প্ৰৱণতা থাকে। আচলতে এনে কাৰ্য পৰিত্যাগ কৰা উচিত। এজন মানুহৰ কৰ্মই নিজৰ ব্যক্তিগত জীৱনক সন্তুষ্টি দিব পৰা বা সমাজক তৃপ্তি দিব পৰাটোৱেই মানৱ জাতিৰ আটাইতকৈ ডাঙৰ ধৰ্ম হোৱা উচিত।
তপন লাল
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment