মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ
(Medical Representative)
ড° বুলজিৎ বুঢ়াগোহাঁই
বৰ্তমান যুগত মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) হিচাপে চাকৰি এক আকৰ্ষণীয় পেশা হিচাপে গন্য হৈছে। এই চাকৰি কেৱল আৰ্থিক স্থিতিশীলতাৰে সমৃদ্ধ নহয়, এক দীঘলীয়া কেৰিয়াৰৰ সম্ভাৱনাও থাকে। ঔষধ আৰু চিকিৎসা সামগ্ৰীৰ ব্যৱসায়ত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ বাবে, মেডিকেল ৰিপ্ৰিজেণ্টটেটিভসকলে যিকোনো চিকিৎসা কোম্পানীৰ মেৰুদণ্ড হিচাপে কাম কৰে।
মেডিকেল ৰিপ্ৰিজেণ্টটেটিভসকলৰ মূল দায়িত্ব হৈছে কোম্পানীৰ চিকিৎসা সামগ্ৰীৰ বিক্ৰীৰ চাহিদা সৃষ্টি কৰা আৰু নতুন সামগ্ৰীৰ প্ৰৱৰ্তন কৰা। মেডিকেল ৰিপ্ৰিজেণ্টটেটিভসকলে কোম্পানীৰ উৎপাদিত সামগ্ৰীৰ বিষয়ে চিকিৎসক, চিকিৎসা সংস্থাপনা, আৰু খুচুৰা বিক্ৰেতাসকলৰ ওচৰত উপলব্ধ হোৱাটো নিশ্চিত কৰে। তেওঁলোকে কোম্পানীৰ সামগ্ৰীৰ গুণাগুণ আৰু ব্যৱহাৰৰ সুবিধাসমূহ বিৱৰণ দি ডাক্তৰৰ ওচৰত বিশ্বাস স্থাপন কৰে। ইয়াৰ ফলত, চিকিৎসকে সেই সামগ্ৰী লিখাৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ দ্বাৰা কোম্পানীৰ বিক্ৰী বৃদ্ধি পায়।
মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ হিচাপে চাকৰি কৰিবলৈ সাধাৰণতে স্নাতক ডিগ্ৰী থকা প্ৰয়োজন। যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰীয়ে এই পদৰ বাবে আবেদন কৰিব পাৰে, কিন্তু বিশেষকৈ ফাৰ্মাচী, জীৱবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰীৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হয়। কিছুমান ফাৰ্মাচীউটিকেল কোম্পানীয়ে বিশেষভাৱে এম.বি.এ. (M.B.A.), বি.ফাৰ্ম. (B.Pharm.) আৰু বি.এচ.চি. (B.Sc.) ডিগ্ৰীধাৰী প্রাৰ্থী বিচাৰে।
মেডিকেল ৰিপ্ৰিজেণ্টটেটিভৰ চাকৰিৰ বাবে বয়সৰ সীমা সাধাৰণতে ২৬ বছৰৰ পৰা ২৮ বছৰলৈ থাকে, যদিও কিছুমান কোম্পানীৰ ক্ষেত্ৰত এই সীমা বেলেগ হ’ব পাৰে।
মেডিকেল ৰিপ্ৰিজেণ্টটেটিভৰ পদৰ বাবে বাচনি প্ৰক্ৰিয়া সাধাৰণতে বহু-পদক্ষেপত হয়। প্ৰথমে, প্রাৰ্থীসকলে নিজৰ বায়’ডাটা প্ৰেৰণ কৰে। এই পৰ্যায়ত প্রাথমিক বাছনি কৰাৰ পিছত, প্ৰাৰ্থীসকলক লিখিত পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। লিখিত পৰীক্ষাত সাধাৰণতে বুজাবুজি, যুক্তি, আৰু সামগ্ৰিক জ্ঞানৰ ওপৰত প্ৰশ্ন থাকে। লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্রাৰ্থীসকলক মুখামুখি সাক্ষাৎকাৰৰ বাবে বাছনি কৰা হয়। সাক্ষাৎকাৰত প্ৰাৰ্থীসকলৰ যোগাযোগ দক্ষতা, সাংগঠনিক ক্ষমতা আৰু পেশাগত আস্থা পৰীক্ষা কৰা হয়। কেতিয়াবা এই সাক্ষাৎকাৰত কোম্পানীয়ে দ্ৰুত প্ৰতিক্ৰিয়া ক্ষমতা আৰু চাপৰ মাজত সিদ্ধান্ত লোৱাৰ সক্ষমতাও পৰীক্ষা কৰে।
একজন সফল মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ হোৱাৰ বাবে কিছু বিশেষ গুণাবলী থাকা প্ৰয়োজন। এই গুণাবলীবোৰে প্ৰাৰ্থীসকলক প্ৰতিযোগিতামূলক বজাৰত এগৰাকী সফল পেশাদাৰ হিচাপে থিয় দিবলৈ সহায় কৰে। এই গুণাবলীবোৰ হ’ল-
যোগাযোগ দক্ষতাঃ ইংৰাজীসহ অন্যান্য আঞ্চলিক ভাষাত সুন্দৰ যোগাযোগৰ দক্ষতা থাকিব লাগে যাতে মেডিকেল ৰিপ্ৰিজেণ্টটেটিভসকলে চিকিৎসক, চিকিৎসা সংস্থাপনা আৰু খুচুৰা বিক্ৰেতাসকলৰ লগত সুন্দৰভাৱে বাৰ্তা পাৰস্পৰিক বিনিময় কৰিব পাৰে।
সাংগঠনিক ক্ষমতাঃ বিভিন্ন ঠাইত ভ্ৰমণ কৰা আৰু সময়মতে কাজ সম্পন্ন কৰাৰ বাবে ভাল সাংগঠনিক ক্ষমতা প্ৰয়োজন।
সক্ৰিয় শুনা ক্ষমতাঃ গ্ৰাহকৰ প্ৰয়োজন আৰু সমস্যা বুজিবলৈ সক্ৰিয় শুনা ক্ষমতা থাকিব লাগে।
আত্মপ্ৰেৰণাঃ এই পদৰ বাবে আত্মপ্ৰেৰণা অত্যন্ত গুৰুত্বপূর্ণ। বিক্ৰয়ৰ লক্ষ্যসমূহ পূৰণ কৰিবলৈ নিজকে সদায় প্ৰেৰিত ৰাখিব লাগে।
কাৰিকৰী দক্ষতাঃ ঔষধৰ বিজ্ঞান আৰু চিকিৎসা সামগ্ৰীৰ বিষয়ে প্ৰাৰ্থীসকলৰ কাৰিকৰী জ্ঞান থাকিব লাগে।
নমনীয়তাঃ বিভিন্ন পৰিস্থিতিত নিজকে সলনি কৰিবলৈ নমনীয়তা থাকিব লাগে।
ব্যক্তিত্বঃ গ্ৰাহকৰ লগত সুসম্পর্ক স্থাপন কৰিবলৈ আকৰ্ষণীয় ব্যক্তিত্ব থাকিব লাগে।
মেডিকেল ৰিপ্ৰিজেণ্টটেটিভৰ চাকৰিৰ বাবে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰিব পৰা যায়। চিকিৎসা আৰু ঔষধৰ ব্যৱসায়ত নিয়োজিত সংস্থাসমূহে নিয়মিতভাৱে এই পদৰ বাবে বিজ্ঞাপন প্ৰচাৰ কৰে। বাতৰি কাকতত বিশেষকৈ “দি আছাম ট্রিবিউন”ৰ দ্বিতীয় পৃষ্ঠাত এনে বিজ্ঞাপন দেখা পোৱা যায়। তদুপৰি, স্থানীয় ফাৰ্মাচী, পাইকাৰী আৰু খুচুৰা বিক্ৰেতা, মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ ৰেষ্ট হাউচ আৰু ইতিমধ্যে এই পদত কৰ্মৰত ব্যক্তিসকলৰ পৰা এই বিষয়ে তথ্য গোটাব পাৰে।
বাচনি হোৱাৰ পিছত ফাৰ্মাচী কোম্পানীবোৰে প্ৰাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণৰ সময়ত প্ৰাৰ্থীসকলক ঔষধ বিক্ৰীৰ কৌশল, চিকিৎসা বিজ্ঞানৰ আধাৰ, আৰু কোম্পানীৰ সামগ্ৰীৰ বিশেষত্বৰ বিষয়ে শিকোৱা হয়। এই প্ৰশিক্ষণৰ উদ্দেশ্য হৈছে প্রাৰ্থীসকলক কোম্পানীৰ দৃষ্টিভংগী আৰু লক্ষ্যসমূহৰ সৈতে পৰিচিত কৰি তোলাৰ লগতে, বিক্ৰীৰ লক্ষ্যসমূহ পূৰণ কৰিবলৈ প্ৰয়োজনীয় কৌশল আৰু দক্ষতা প্ৰদান কৰা।
মেডিকেল ৰিপ্ৰিজেণ্টটেটিভৰ পদত কৰ্মৰত ব্যক্তিসকলক দৰমহাৰ ওপৰিও বিভিন্ন আৰ্থিক সুবিধা প্ৰদান কৰা হয়। এই সুবিধাসমূহৰ ভিতৰত D.A. (Dearness Allowance), T. A. (Travel Allowance), Extra Allowance, আৰু Incentive অন্তর্ভুক্ত। ইয়াৰ উপৰিও, কোম্পানীয়ে বিভিন্ন সময়ত উত্তম কামকৰ্মৰ বাবে বোনাছো প্ৰদান কৰে। এই বোনাছবোৰে প্ৰাৰ্থীসকলক নিজৰ কৰ্মত অধিক প্ৰেৰিত আৰু উৎফুল্লিত ৰাখে।
মেডিকেল ৰিপ্ৰিজেণ্টটেটিভৰ পদত সফলভাবে কৰ্মৰত থাকিলে, সোনকালে পদোন্নতি লাভ কৰিব পাৰে। সাধাৰণতে, মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ হিচাপে যাত্ৰা আৰম্ভ কৰি, এটি সফল কক্ষত ফাৰ্মাচী কোম্পানীৰ বিক্ৰয় বিভাগত মেনেজাৰ, জ’নেল মেনেজাৰ আৰু বিক্ৰয় প্ৰবন্ধক আদি উচ্চ পদত উন্নীত হোৱাৰ সুযোগ থাকে।
মেডিকেল ৰিপ্ৰিজেণ্টটেটিভসকলে চিকিৎসা, ঔষধ আৰু স্বাস্থ্য সজাগতাসম্বন্ধীয় বিভিন্ন সমাৰোহত অংশগ্ৰহণ কৰিবলৈও সুবিধা পায়। ইয়াৰ ফলত, তেওঁলোকে চিকিৎসা বিজ্ঞান আৰু নতুন ঔষধসমূহৰ বিষয়ে নবীনতম জ্ঞান লাভ কৰি নিজৰ পেশাগত দক্ষতা বৃদ্ধি কৰিব পাৰে।
মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ হিচাপে যথেষ্ট অভিজ্ঞতা আৰু পৰিচিতি লাভ কৰাৰ পিছত, কিছুমান ব্যক্তি নিজকে চেল্ফ-এমপ্লইমেণ্টৰ পথে আগুৱাই নিব পাৰে। ঔষধৰ পাইকাৰী বা খুচুৰা ব্যৱসায় আৰম্ভ কৰি তেওঁলোকে নিজস্ব ব্যৱসায়িক ক্ষেত্ৰ সৃষ্টি কৰিব পাৰে।
মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ হিচাপে কেৰিয়াৰ এক সম্ভাৱনাময় আৰু আৰ্থিকভাৱে লাভজনক বিকল্প। এই পদত কৰ্মৰত থাকিলে কেৱল নিজে আৰ্থিক স্থিতিশীলতা লাভ নহয়, চিকিৎসা আৰু ঔষধৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ সুযোগ থাকে। আমাৰ ৰাজ্যৰ যুৱক-যুৱতীসকলে মেডিকেল ৰিপ্ৰিজেণ্টটেটিভৰ কেৰিয়াৰক এটি সম্ভাৱনাময় বিকল্প হিচাপে বিবেচনা কৰিব পাৰে। এই পেশাত কেৰিয়াৰ কৰি, তেওঁলোকে ব্যৱসায়িক দিশৰ লগতে ব্যক্তিগত দিশতো যথেষ্ট সফলতা লাভ কৰিব পাৰে।
মেডিকেল ৰিপ্ৰিজেণ্টটেটিভসকলে কোম্পানীৰ সামগ্ৰীৰ চাহিদা সৃষ্টি কৰা, নতুন সামগ্ৰীৰ প্ৰৱৰ্তন কৰা, আৰু চিকিৎসক, চিকিৎসা সংস্থাপনা, আৰু খুচুৰা বিক্ৰেতাসকলৰ ওচৰত সামগ্ৰী উপলব্ধ কৰাটো নিশ্চিত কৰাৰ দ্বাৰা কোম্পানীৰ আৰ্থিক লক্ষ্যসমূহ পূৰণ কৰি চিকিৎসা সামগ্ৰীৰ ব্যাবহাৰ বৃদ্ধি কৰি স্বাস্থ্যক্ষেত্ৰত গুৰুত্বপূর্ণ অৱদান ৰাখে। সেয়ে, এই পেশাত আগ্ৰহী যুৱক-যুৱতীসকলে এই পদৰ বাবে আবেদন আগবঢ়াই সম্ভাৱনাময় কেৰিয়াৰৰ দিশে আগুৱাই যাব পাৰে।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) ত যোগাযোগ কৰিব পাৰে।
No comments:
Post a Comment