Nébíngké Lupénam সম্পাদকীয়.....
উত্তৰ-পূৰ্বাঞ্চলত ৰেমালৰ দাগ
ভয়ংকৰ আৰু তীব্ৰ গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ ৰেমালৰ ক্ৰোধে ভাৰতৰ উপকূলীয় অঞ্চল পশ্চিম বংগৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অসম, মেঘালয় আৰু মিজোৰামত ধ্বংসলীলাৰ ৰেখাপাত এৰি থৈ গ’ল। নিমিষতে ডজন ডজন মানুহৰ মৃত্যু, নিৰুদ্দেশ, আৰু স্থানচ্যুত হৈছে। প্ৰকৃতিৰ এনে ধ্বংসলীলা মানুহৰ বাবে এক তীব্ৰ সোঁৱৰণী।
ৰেমালৰ প্ৰভাৱত প্ৰচণ্ড বৰষুণ হোৱাৰ ফলত ব্ৰহ্মপুত্ৰ, বৰাক, কপিলী আদি ডাঙৰ নদীসমূহ ওফন্দি উঠাত সমগ্ৰ অঞ্চলটোত ব্যাপক বানপানীৰ সৃষ্টি হৈছে। ভূমিস্খলন হৈছে। ফলত সাধাৰণ জনতাৰ বিস্তৰ ক্ষয় ক্ষতি হৈছে। দুৰ্ভাগ্যজনকভাৱে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাই সাগৰীয় ঘূৰ্ণীবতাহ ৰেমালৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বৃহৎ বোজা বহন কৰি উত্তৰ পূৰ্বাঞ্চলৰ সাক্ষী হৈ পৰিছে।
অসমৰ শোণিতপুৰ ঢেকীয়াজুলিত বিধ্বংসী ধুমুহাত স্কুল বাছৰ ওপৰত গছ বাগৰি পৰাত কেইবাজনো শিশু শিক্ষার্থী গুৰুতৰভাৱে আহত হৈছে। বৰাক উপত্যকা আৰু ডিমা হাছাও জিলাত ৰাজপথ যোগাযোগ বিচ্ছিন্ন হৈছে। কাছাৰ আৰু কৰিমগঞ্জত বানপানীৰ ফলত শিলচৰত হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।
মিজোৰামৰ আইজলত ভয়াৱহ ভূমিস্খলনৰ ফলত কেইবাজনো লোকৰ মৃত্যু ঘটিছে। মণিপুৰ ইম্ফলটো নদীৰ পানীয়ে ঘৰ-দুৱাৰ ভাঙি ব্যাপক ক্ষতি সাধন কৰিছে। একেদৰে মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডটো ভয়াৱহ ঘূৰ্ণীবতাহ ৰেমালৰ ফলত হোৱা প্ৰচণ্ড ধুমুহা আৰু মূষলধাৰ বৰষুণৰ বানৰ কৱলত পৰি শ শ লোকৰ ঘৰ ক্ষতিগ্ৰস্থ হৈছে।
দুই এদিনতে বিধ্বংসী ৰেমাল ঘূৰ্ণীবতাহে উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ নক্সা সলাই পেলাইছে। ভূমিস্খলনৰ কাৰণে শিলচৰ-হাফলং, লামডিং-হাফলং স্থলপথ আৰু ৰে’লপথ সম্পূর্ণ বন্ধ কৰিবলগীয়া হৈছে। বিশেষকৈ ডিমা হাছাও জিলাত ২০২২ বৰ্ষটো ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছিল।
জলবায়ু পৰিৱৰ্তনৰ কাৰণেই প্ৰকৃতিয়ে এনে দুৰ্যোগ সৃষ্টি কৰে বুলি প্ৰকৃতিবিদসকলে মত পোষণ কৰে। জলবায়ু পৰিৱৰ্তনে জলচক্ৰত প্ৰভাৱ পেলায় আৰু ধুমুহাৰ কম্পাঙ্ক আৰু তীব্ৰতা বৃদ্ধি কৰে। খৰাং আৰু শুষ্কতা, বন্য অগ্নিকাণ্ড, প্ৰদূষণ আৰু বানপানীকে ধৰি ৯০ শতাংশতকৈও অধিক প্ৰাকৃতিক দুৰ্যোগ বতৰৰ পানীৰ লগত জড়িত।
মানৱ সমাজে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিতৌ প্ৰাকৃতিক সম্পদ ধ্বংস কৰিছে। ফলত প্ৰকৃতিয়ে প্ৰাকৃতিক ভাৰসাম্যতা হেৰুৱাই পেলাইছে আৰু প্রাকৃতিক ভাৰসাম্যহীনতাই মানৱ সভ্যতাৰ সমুখত নিতৌ ন ন দুৰ্যোগ সৃষ্টি কৰিছে। মানৱ সভ্যতাই প্ৰকৃতিক ধ্বংস কৰাৰ পৰিণতিবোৰ প্ৰকৃতিয়ে দুৰ্যোগৰ যোগেদি সোঁৱৰাই দিয়ে যে মানুহ আৰু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাতো কিমান গুৰুত্বপূৰ্ণ। ই সহজে প্ৰতীয়মান। উন্নয়নৰ নামত বনাঞ্চল ধ্বংস কৰি অ’ত ত’ত উদ্যোগ স্থাপন কৰাটো এক প্ৰকাৰ প্ৰাকৃতিক দুৰ্যোগৰ মূল কাৰক হিচাপে চিহ্নিত হৈছে। এনেধৰণৰ সমস্যা বা ঘটনাবোৰ যদি আমি গুৰুত্ব সহকাৰে লৈ সমাধানৰ পথ বাচি নলওঁ তেন্তে আমাৰ ভৱিষ্যত বা মানৱ সভ্যতাৰ অৱসান ঘটিবলৈ আৰু বেছি পৰ নালাগিব।
দুৰ্যোগৰ সময়ত তাৎক্ষণিক সঁহাৰি অতি গুৰুত্বপূৰ্ণ। এন ডি আৰ এফ, সেনাবাহিনী, আৰু স্থানীয় কৰ্তৃপক্ষৰ সাহায্য প্ৰশংসনীয়। কিন্তু আৰোগ্যৰ পথ এতিয়াও বৰ দীঘলীয়া। দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্থ হোৱা ঘৰবোৰ পুনৰ নিৰ্মাণ কৰিব লাগিব, বিদ্যুৎ পুনৰুদ্ধাৰ কৰিব লাগিব, আৰু যোগাযোগ লাইন পুনৰ স্থাপন কৰিব লাগিব। পৰিয়াল আৰু অঞ্চলটোৰ ভংগুৰ আন্তঃগাঁথনিৰ ওপৰত অৰ্থনৈতিক প্ৰভাৱ অপৰিসীম।
আমি উত্তৰ-পূৰ্বাঞ্চলত দুৰ্যোগৰ প্ৰস্তুতি শক্তিশালী কৰিব লাগিব। আগতীয়া সতৰ্কবাণী ব্যৱস্থা, স্থিতিস্থাপক গৃহ নিৰ্মাণ, আৰু শক্তিশালী দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাত বিনিয়োগ কৰাটো গুৰুত্ব প্ৰদান কৰিব লাগিব। ই অতি প্ৰয়োজনীয়। পৰিৱেশৰ ক্ষতি কম কৰি বহনক্ষম উন্নয়নৰ পদ্ধতিটোও সমানেই গুৰুত্ব প্ৰদান কৰিব লাগিব।
ৰেমালৰ ফলত হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ ছিন্নভিন্ন জীৱন আৰু জনবসতি পুনৰ নিৰ্মাণৰ বাবে সামূহিক পদক্ষেপৰ প্ৰয়োজন। স্থানীয় চৰকাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় সাহায্য সংস্থাসমূহে আৰ্তজনক অত্যাৱশ্যকীয় সামগ্ৰী, চিকিৎসা সেৱা, আৰু আৰ্থিক সাহায্য প্ৰদানৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানৰ এনে পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। জনসাধাৰণেও ইয়াত সমৰ্থন আৰু সহযোগিতা আগবঢ়াব লাগিব।
পৰিৱেশ সন্দৰ্ভত প্ৰতিজন নাগৰিকে নিজৰ মৌলিক কৰ্তব্য পালন কৰিব লাগিব। আমাৰ সংবিধানৰ ৫১এ(ছ) অনুচ্ছেদৰ অধীনস্থ “বন, হ্ৰদ, নদী, বন্যপ্ৰাণীকে ধৰি প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত আৰু উন্নত কৰাটো ভাৰতৰ প্ৰতিজন নাগৰিকৰ কৰ্তব্য হ’ব লাগে, আৰু জীৱ-জন্তুৰ প্ৰতি মমতা থাকিব লাগিব।
তেতিয়াহে আমি ৰেমালৰ দৰে ভয়াৱহ দুৰ্যোগৰ দাগবোৰ ভাল কৰি এক শক্তিশালী পদক্ষেপ ল’ব পাৰিম। আৰু দুৰ্যোগৰ পৰা বাচি থাকিব পাৰিম।
তপন লাল
Doksiri দকচিৰি, জুন, ২০২৪


No comments:
Post a Comment