মৃত্যুৰ কোলাত মৰিবলৈ
জোনমণি দাস
মৃত্যুৰ কোলাত মৰিবলৈ
অমৰাৱতীৰ পৰা মই নামি অহা নাই
কালে মোক মাটিলৈ পঠালে
অনন্ত কালৰ কথাবোৰ ক'বলৈ।
মাটিলৈ আহি প্ৰথমেই লগ পালোঁ মাক
মায়ে মোক মাত মাতিবলৈ শিকালে।
পাপ আৰু শাপৰ ৰণাংগনত
কক্ষচ্যুত নক্ষত্ৰই দেখালে
সময়ৰ তৰ্জনীত ঘূৰি থকা সুদৰ্শন চক্ৰ…
মাটিলৈ আহি মাটিৰ মায়াত মজিলোঁ
মজিলোঁ পৃথিৱীৰ প্ৰেমত।
প্ৰেমে মোক শিকালে জীৱনৰ অন্য ভূগোল,
ক'ব খোজা কথাবোৰ ক’বলৈ মই পাহৰি থাকিলোঁ।
কালে কাণে কাণে ক’লে -
সহস্ৰ খোজৰ ধূলিয়ে মাটিৰ মহিমা নুবুজে,
জীয়াই থকাটো মাথোঁ জীৱনৰ সৈতে খেলি থকা পাঞ্জা।
নিজৰ সন্ধানত মই বুদ্ধৰ কাষ চাপিলোঁ
বুজি উঠিলোঁ জীয়াই থকাটোৱেই অগতিৰ গতি
এতিয়া বুদ্ধই মোক নিৰৱে ক’বলৈ শিকাইছে
কালে মোক ক’বলৈ পঠোৱা
অনন্ত কালৰ কথা।
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment