বেলিটোৰ ঠিকনা সৰিল
ৰিজু মণি বৰা
নগাঁও
চেঁচুকীয়া বাৰীত
শেলুৱৈৰ চাপ
শোতোৰা পৰা আবেলিত
উৰি যায়
গৰুৱে উৰুৱা ধূলি
সৰি পৰে
আকাশৰ পৰা
ৰঙা বেলি
পাতল আন্ধাৰৰ হাতত ধৰি
সন্ধিয়া আহে নামি,
ক'ত বাৰু হেৰাল
ক'ত বাৰু হেৰাল
মাটিত লেপেট খাই
শুই থকা সেই হাঁহি?
আজি যে নিৰুদ্দেশ
ক'ত বাৰু গ’ল
সেই ৰঙা বেলি?
শেলুৱৈবোৰ দেখোন
চেগ চাই বুকুলৈকে
শিপাবলৈ ধৰিল
ঘিটমিটীয়া আন্ধাৰত
বেলিটোৰ ঠিকনা সৰিল।
Doksiri দকচিৰি, জুলাই, ২০২৪
.jpg)

No comments:
Post a Comment