বিষ্ণু ৰাভা
ৰুণু দেৱী শৰ্মা
গুৱাহাটী
হে মহান মানৱতাৰ শিল্পী
তুমি সাৰে আছানে?
তুমিহীনতাত আজি দেশে দেশে হাঁহাকাৰ,
নাই কোনো অঙ্গীকাৰ
মানৱতাৰ চিনাচিনি,
হে জনতাৰ মহান শিল্পী
ইয়াত কোনোদিনে নাবাজে
এতিয়া ৰ’দৰ গান,
হে সুন্দৰৰ পূজাৰী তুমিহীনতাত
প্ৰতিনিশাই নাবাজে ইয়াত
জোনাকৰ গান!
চৌদিশে চলিছে এতিয়া মৃত্যুৰ বিভিষিকা,
মৃত্যুৰ সৈতে দূৰ্ভিক্ষৰ সহবাহ
জলে-স্থলে সৌৱা নৰসংহাৰৰ আৰ্তনাদ।
হে জ্ঞানৰ সফুৰা কমৰেদ বিষ্ণু ৰাভা!
দেশবোৰত এতিয়া মানুহ নাই
একোখন শ্মশানথলী,
হিংস্ৰ জন্তুৰ আৰ্তনাদত
চহৰবোৰ টোপনিত লালকাল
গাওঁ বোৰ একোখন মৰুভূমি হ'ল
হে মহান সৈনিক শিল্পী
ৰণুৱা -বনুৱা হালোৱাক একত্ৰিত কৰা হে বিশ্ববন্ধু!
তুমি হীনতাত আজি দেশে দেশে হাঁহাকাৰ,
হে জ্ঞানৰ সফুৰা কমৰেড বিষ্ণু ৰাভা,
দেশে দেশে নগৰে চহৰে
সংস্কৃতিৰ সঁফুৰা সম্প্ৰীতিৰ আভাৰে ৰাখিলা মানৱতাৰ মহান আদৰ্শ,
কৃষ্টিৰ বেদীত সৃষ্টিৰ শলিতা জ্বলাই,
হিংসা, দ্বেষ, অন্যায়ৰ প্ৰতিবাদী কণ্ঠৰ হে গণশিল্পী তুমি সাৰে আছানে ?
এই অস্তিত্ব সংকটত
তুমি আকৌ আ হাঁ
আমাৰ মাজত।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment