অনুমতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

অনুমতি

 


অনুমতি 


            ৰঞ্জু গায়ন বৰুৱা

                      নামৰূপ


 অনুমতি অবিহনে তোমাৰ প্ৰেমত পৰিছিলো,

সপোনবোৰেও বিচাৰি লৈছিল দিঠকৰ ঠিকনা।

শূন্যতা খিনি পূৰণ হোৱাকৈ

অকলশৰীয়া পথটোৱেই ভাল আছিল জানা ?

অন্তত অভিমান বোৰ এপলক জীয়াই পুনৰ

একেতা পথতে শেষ হৈছিল।

তুমিয়েই কোৱাচোন ?

এবাৰ বিশ্বাস ভঙাৰ পিছত জানো কাৰোবাক আকৌ সমানে ভাল পাব পাৰি।


ভুল কৰিছিলো মই

বুকুৰ স্পন্দনত তোমাৰ নামৰ কবিতা লিখি,

ভৱাই নাছিলো মোৰ এই হিয়াখন আকৌ এবাৰ প্ৰতাৰিত হ'ব বুলি 

যেতিয়া এই বিষাদ বোৰ অনুভৱ কৰো জানানে ?

বুকুখন বৰকৈ বিষাই অ’

কিবা এটাই যেন জোৰকৈ হেচুকি ধৰে

হয়তু অনিশ্চয়তা মাজত পাৰ কৰা মোৰ

প্ৰত্যেকটো উজাগৰী নিশাৰ কলা ৰং বোৰ

বিষাদ হৈ চকুলো নিগৰে

তেতিয়া শব্দবোৰৰ মাজত দুখবোৰ সাঙুৰি থওঁ।


চকুযোৰি মুদিব ধৰিলে তোমাৰ প্ৰতিশ্ৰুতিৰে শুব নিদিয়ে,

উপলব্ধি কৰোতেই পাৰ হয় 

তুমি বিহিন প্ৰতিটো নিশা 

প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি তোমাৰ কাষ চাপিবলৈয়ো ভয় হয়

জানোচা তুমিও সুধি দিবা

সেই উত্তৰ বিহিন প্ৰশ্নবোৰ

সেয়েহে অনুমতি নোলোৱাকৈ তোমাৰ প্ৰেমত পৰিছিলো।


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages