মাছৰ ঘৰ
অমল দাৱ
নাৱৰ ঢৌৰ স’তে খেলি হেলাৰঙে উটি ভাঁহি গৈ আছো গৈ থাকিম
তোমাৰ বুকুৰ মাজুলীত পাতিম ঘাট
তৰিম ভোকৰ টৌখুটি
সৰিয়হ ডৰা দেফেলা দেফেলকৈ বঢ়াৰ দৰে নানাৰঙী সপোনবোৰেও আমাৰ- পখিলা গুণগুণাব
শিঙিমাৰি বিলৰ পাৰলৈ গৈ ইফালে সিফালে আকাশলৈ চাম
বেলিয়ে আপোন বাট লোৱা দেখি
বগলীজাকো উৰি উৰি আপোন বাঁহলৈ
ক'ত কাৰ আপোন ঘৰ
ঘৰেই ঘৰ চোন
সৱতে সৱৰে ঘৰ কেৱল -ৰিনি ৰিনি
পানীত বাৰু মাছৰ ঘৰ থাকেনে
সমস্ত পানীয়েই মাছৰ ঘৰ
পানীত মছৰ ঘৰ বিচাৰি বিচাৰি ময়ো যেন এটা মাছ
নাৱৰ গতিৰ ঢৌত আপোনমনে
খেলি সাঁতুৰি নাদুৰি ফুৰা -
নাৰ
বাত
পাভ মাছ
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment