শাওনৰ কবিতা
ৰূপালী মেধী নাথ
চহা খেতিয়কৰ ঘামে তিতা
অক্লান্ত শ্ৰমেৰে
শাওনৰ পথাৰখন
সেউজীয়া হৈ পৰে,
হালোৱা-ৰোৱনীয়ে সোনালী সপোন ৰচে
জী উঠা প্ৰতিডাল কঠিয়াতে,
ঘামে, বৰষুণে একাকাৰ
লুণীয়া দেহাও নাভাগৰে
কেঁচা মাটিৰ সুবাসতে,
জীপাল বৰষাৰ পৰশত
প্ৰকৃতিয়ে সেউজী সাজ পিন্ধে...
শাওনৰ পথাৰখন উছৱমুখৰ হৈ পৰে
প্ৰাণ-চঞ্চল এজাক ৰোৱনী ৰূপহীৰ খিলখিলনিতে…
Doksiri দকচিৰি, জুলাই, ২০২৪
.jpg)

No comments:
Post a Comment