শাওনৰ কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

শাওনৰ কবিতা



 শাওনৰ কবিতা


                     ৰূপালী মেধী নাথ


চহা খেতিয়কৰ ঘামে তিতা 

অক্লান্ত শ্ৰমেৰে

শাওনৰ পথাৰখন 

সেউজীয়া হৈ পৰে,

হালোৱা-ৰোৱনীয়ে সোনালী সপোন ৰচে

জী উঠা প্ৰতিডাল কঠিয়াতে,

ঘামে, বৰষুণে একাকাৰ 

লুণীয়া দেহাও নাভাগৰে

কেঁচা মাটিৰ সুবাসতে,

জীপাল বৰষাৰ পৰশত 

প্ৰকৃতিয়ে সেউজী সাজ পিন্ধে...

শাওনৰ পথাৰখন উছৱমুখৰ হৈ পৰে

প্ৰাণ-চঞ্চল এজাক ৰোৱনী ৰূপহীৰ খিলখিলনিতে…


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages