সপোনৰ দিশে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

সপোনৰ দিশে

 


সপোনৰ দিশে


                      প্ৰিয়ংকা চমুৱা

           ঢকুৱাখনা, লখিমপুৰ 


সপোনবোৰ কবৰ দি

জীৱনকেন্দ্ৰীক আশা বোৰ

ভৰিৰে মোহাৰি

কত আছোঁ আমি..!


জীয়াই আছোঁ বাবেই ভালে আছোঁ

এইদৰে ভাবা চাগে তুমি

হাঁহি বোৰ দেখিলেই সুখত থাকোঁ

ভাবা চাগে ন

দেউতা তুমি...


সঁচাই কথাবোৰ তেনে হোৱা হ’লে!

লৰালিৰ নিস্পাপ ধেমালিৰ দৰে

অকৃতিম হোৱা হলে কথাবোৰ

কিমান সুখী হলোঁ হেঁতেন চাগে আমি...


দেউতা, তোমাৰ ফটা কামিজ বোৰ আঁতৰাই

নতুন চুলাটো দিব পৰা হলো

তাত লাগি থকা কেঁচা ঘাম খিনিহে

 অচিনাকি হল তুমি দিয়া 

খুচুৰা পইছা ৰখা টেমাটো পুৰণা হল

ঠিক তুমি মোক লৈ দেখা 

সপোন বোৰৰ দৰে নহয়নে?


দেউতা, তিয়নী সলোৱা,

সজাল ধৰোৱা আকৌ সপোন বোৰ

আমি বোৰ একেলগ হলে

জেঠতে কঠিয়াদৰা জোখৰ হবগৈ

আমাৰ হাঁহিৰ টুকুৰা বুটলিবলৈ 

ন’ ভুঁই দৰা বাহিব যিদৰে লহপহকৈ

বাটৰোৱাৰ মন যুৰুৱাকৈ

আদৰুৱা হৈ।


ব’লা তেন্তে, আবতৰতো পথাৰ মুকলাওগৈ 

হেঁপাহৰ হাচতি খন কঁকালত লৈ

তুমি লোৱা কল্পনাৰ পেৰাটো আটোমটোকাৰীকৈ

গৈ থাকোঁ পুবমুৱাকৈ...।


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages