নৈ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

নৈ

 


নৈ


           স্বপ্নশিখা চুতীয়া

       গোগামুখ, ধেমাজি

        

নেদেখা নৈখনক মানচিত্ৰত বিচাৰি ফুৰিছোঁ

নেদেখাৰ বাবেই হয়তো হেঁপাহ বাঢ়িছে।

হেৰাই গৈছে যেন ক'ৰবাত হেঁপাহৰ নৈখন

তথাপিও চোন হেৰাই যোৱা নাই সুবাস।

ফটফটিয়া জোনাকবোৰ ভেঙুচালিত ঘৃণাহৈ

পাৰ হৈ যোৱা অতীতৰ সাক্ষী হৈ ৰৈছে।

সোঁৱৰণীৰ পছোৱা জাকে বাৰে বাৰে আহি

হেঁপাহৰে নৈৰ ঘাটত নীৰৱে খুন্দা মাৰিছে।

মোৰ মুখত বিৰিঙি উঠা মুকুতাবুলিয়া হাঁহি

এতিয়া যেন হৈ পৰিল এৰাপৰলীয়া বাঁহী।

শৈলুৱৈ গুচাই আঁকিছিলো সূৰ্যমুখী সপোন।


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages