অনুভৱৰ ডায়েৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

অনুভৱৰ ডায়েৰী

 


অনুভৱৰ ডায়েৰী


                        ৰুবি বুঢ়াগোহাঁই

                              গোলাঘাট 


নাজানো কিয় আহি 

বাৰে বাৰে আমনি কৰে

মন, মগজুত ?

পাহৰিব খুজিও পাহৰিব নোৱাৰোঁ 

স্মৃতিৰ সেই কুঁকিটো 

ঢাকি ৰাখিছো কলিজাৰ মাজত 

কোনেও কাঢ়ি নিব নোৱাৰাকে তোমাক।

হাজাৰ ব্যস্ততাৰ মাজতো,

হাজাৰ ধুমুহাৰ মাজতো 

জুমি চাওঁ তোমাক 

হাজাৰজনৰ ভিৰৰ মাজতো 

আজি নিসংগ মই 

তোমাৰ অবিহনে।

অনুভৱ কৰিছো মাথোঁ 

মই আৰু মোৰ ছাঁ 

ইজন সিজনৰ লগৰী বুলি।

আমাৰ মৰম, ভালপোৱাবোৰ 

অতীত হৈ গ’ল,

দুয়োৰে বাৰ্তালাপবোৰো 

দুপাখি গজি উৰা মাৰিলে 

দূৰ - দিগন্তলৈ।

এতিয়া মাথোঁ পপীয়া তৰা হৈ 

ছিটিকি পৰে অৱশিষ্টখিনি 

যাক বিচাৰি হাবাথুৰি খালেও 

বিচাৰি পোৱা নাযায়,

সেইবোৰো ছাগে এতিয়া 

সাগৰৰ ঢৌৰ সৈতে 

বিলীন হৈ খেলি আছে

নতুবা 

কথা পাতি আছে....

এৰি অহা দিনবোৰৰ 

সুখ -দুখ জড়িত কাহিনীৰ বিষয়ে।

হয়তো মোৰ অবিহনে 

তাত এতিয়া শান্তিৰ ঢৌৱে 

খেলা কৰিছে! 

প্ৰেমৰ বিশাল নৈখনেও 

নিজ বাটে বাট বুলিছে।।


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages