এদিন শেষ দিন হ’ব
এনৰিক্স সঞ্জীৱ ৰাজ
শিৱসাগৰ
দেখি থাকোতেই
সকলোবোৰ নোহোৱা হৈ যাব
কোনোবাই গাই যোৱা গানটো
কাৰোবাৰ প্ৰেৰণা হৈ ৰ'ব
কোনোবাই কৈ যোৱা কথাবোৰ
কাৰোবাৰ বাবে
শিলৰ ৰেখা হ'ব
কিন্তু এদিন তাৰো
শেষ দিন আহিব
তুমি,
তেওঁ,
আপুনি বোৰ
অচিনাকি হৈ ৰ'ব
সম্পৰ্কৰ বিনিময়ত
স্বাৰ্থৰ জন্ম হ'ব
দিনৰ পোহৰত
জোনাক ? সৰিব
ৰাতিৰ আকাশত
চৰায়ে মাতিব
আৰু এদিন
ধৰিত্রীয়ে বিদায় ল'ব
এদিন শেষ দিন আহিব ।।
Doksiri দকচিৰি, জুলাই, ২০২৪
.jpg)

No comments:
Post a Comment