মানুহ
হেমেন হাজৰিকা
কামৰূপ
চকু, কাণ, হাত, ভৰি
নাক, মুখ, নাই
এটা যন্ত্ৰ
আমি যেন যন্ত্ৰ।।
হাঁহি, কান্দোন
আবেগ, অনুভূতি
সহযোগিতা, সহমৰ্মিতা
দুভৰিৰে মোহাৰি
আমি যেন যন্ত্ৰ।।
কৰ্পট কুৰ্চুতে সাৰ পাই
মাজনিশাৰ আঁচনি
স্বাৰ্থপৰতা কাপুৰুষতা
তাহাঁতৰ জয় হয়।।
আপোন জয়ৰ বাবে
কাৰোবাৰ পৰাজয় লাগে
মাথো ক্ষমতা
আক্ৰোশৰ ক্ষমতা
দমনৰ ক্ষমতা
আমি যেন যন্ত্ৰ।।
জ্ঞানী আৰু অজ্ঞানীৰ
মাজৰ যন্ত্ৰ
আমি মানৱ যন্ত্ৰ।।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment