নিম গছৰ সেউজীয়াত সৰগী শান্তনা
জুৰি গোস্বামী শৰ্মা
পাঠশালা, বজালী
বৰষুণে জীপাল কৰা আবেলি এটাত
নিম গছৰ সেউজীয়াৰে নামি আহিছিল
গধূলিৰ জোনাক।
দূৰৈৰ পাহাৰত ঠেকা খাই
ৰিণি-ৰিণি ভাঁহি আহিছিল
শংখৰ নিনাদ,
নিশাচৰ চৰাই জাকে
সাৰ পাই উঠিছিল
জোনাকী মায়াত,
স্বপ্নবিভোৰা চৰাই বোৰে
নৱ দিগন্তৰ স্বপ্ন আঁকিছিল
দুচকুৰ পতাত নিদ্ৰাৰ কোলাত।
ফেঁচাৰ কুৰুলিত লাহে-লাহে
গধূলিটো গভীৰ হৈ পৰিছিল
নিম গছৰ সেউজীয়াও
আৰু বেছি সেউজীয়া হৈ পৰিছিল,
গভীৰ নিশাৰ মায়াবী আলোকত
নিম গছৰ সেউজীয়াই যেন শান্তনা দিছিল
দিবা নৈশ কিম্বা পুৱা গধূলিৰ
এক সৰগী শান্তনা।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment