হাইকুৰ দৰে
অংকুৰিতা ফুকন
১
গছবোৰে কথা কোৱাহেঁতেন
প্ৰতিজোপা গছেই শুনালেহেতেঁন গছ নোহোৱাৰ বুৰঞ্জী…
২
খৰালিৰ নৈখনতো থাকে
সোঁতৰ ইতিহাস…
৩
জোনাকী আছিল যেতিয়া
চোতালবোৰ পোহৰাইছিল শৈশৱে…
৪
কঠিনযেন দেখা পৰ্বতবোৰ
খান্দিবলৈ তেনেই সহজ
৫
কথা আছিল একে বাটে যোৱা
এতিয়া দুটি বাটত খোজ দুজনৰ…
Doksiri দকচিৰি, জুলাই, ২০২৪
.png)

No comments:
Post a Comment