জীৱনে কান্দিছে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

জীৱনে কান্দিছে



 জীৱনে কান্দিছে


                              জিতু ৰাজ

                      চামতা, নলবাৰী


বিষাদেৰে ভৰা হিয়াৰে টুকুৰা

কিয় এৰি গুচি গ'লা তুমি,

মন মোৰ দূৰনিত উভতিও নোচোৱা

এৰি থৈ নাযাবা তুমি।

হৃদয়ৰ মাজতে ৰাখিছিলোঁ তোমাক

আলফুলে নিচুকাই লৈ,

বুকুৰ মাজতে আমাৰ মৰমবোৰ

ৰাখিছিলোঁ সোমাই থৈ।

আশাৰ ধৰণী শলিতা চাকি 

নুমুৱাই জীৱন হ’ল অন্ধকাৰ,

ৰিঙিয়াই ৰিঙিয়াই সপোনে কৰে হাহাকাৰ

আজি জীৱনে কান্দিছে।

আনন্দ উল্লাসৰ এটি পল সামৰি

সন্ধিয়া বৰণৰ ধোঁৱা কুঁৱলি।

পূবলৈ বৈ অহা হেঙুলী ছাঁত 

সেন্দূৰৰ টোপালেৰে ৰঙা হৈ

জোনৰ পোহৰেৰে ধোৱাবাহি

মেঘৰ পাখিবোৰ,

সোণ বৰণীয়া মুকুতা মণি সৰা

মু'খনে গতি কৰে জোনাকৰ দেশলৈ।

ৰিঙিয়াই ৰিঙিয়াই সপোনে কৰে হাহাকাৰ

আজি জীৱনে কান্দিছে।

স্মৃতি সুমধুৰ মনেৰে পদূলিত

দিলাহি জীৱনৰ অন্তিম খোজ।

আশা ভৰা মন এৰি থৈ

গ'লাহি শান্তিৰ দেশলৈ।

কোৰ্হাল ময় জীৱনৰ 

চিৰ নিদ্ৰাত পৰি,

সপোন ভাগি - চিগি

গুচি গ’লা মৰমৰ সাগৰ এৰি।

ৰিঙিয়াই ৰিঙিয়াই সপোনে কৰে হাহাকাৰ

আজি জীৱনে কান্দিছে।


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages