আমি সকলো ভাৱৰীয়া
আশা বৰা মন
দিনবোৰ শেষ হ’লে নামি আহে
আন্ধাৰৰ ক’লা চাদৰ
ইমান তাকৰ কিয় সময়
ইমান বাধ্য কিয় আমি!
পোহৰ কটা বাটত সকলো ভাৱৰীয়া
খোজৰ গতি আগ আৰু পাছ
মুখৰ মাত ঔ ফুলীয়া
হৃদয়ৰ বাৰ্তা প্ৰেৰণ কৰা ডাকঘৰ
আৰু ডাকোৱালজনৰ চাইকেলখন
এতিয়া এখন উপন্যাসৰ কাহিনী
এটা হুমুনিয়াহ
ক্ৰমান্বয়ে ভূমুকি মাৰে এটাৰ পিছত এটা দিন
চৰ্তহীন
বিচাৰি এজাৰৰঙী সোঁৱৰণীত
ৰ’দৰ ঠিকনা
আমি সকলো জানো
সকলো বুজোঁ
তথাপি যেন কৰবাত অস্থিৰতাৰ চাকনৈয়াত
ওলমি থাকে গৰ্ভ-বেথা
ক্ৰমে বাঢ়ি আহে মৌনতাৰ সূৰ্যমুখী
অকোঁৱা-পকোঁৱা সময়ৰ আহ্বানত
আৰম্ভ হয় এদিন উভতনি যাত্ৰা
শান্তিৰ চকুলো হৈ।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment