কোনো ক’তো ৰৈ নাথাকে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

কোনো ক’তো ৰৈ নাথাকে

 


কোনো ক’তো ৰৈ নাথাকে 


অংকুৰণ আৰ্ফ


কোনো ক'তো ৰৈ নাথাকে

কোনো ক'তো কাৰোৰে 

বাবে ৰৈ থাকিব নোৱাৰে

নিতৌ নিৰন্তৰ সকলো কৰি থাকে গতি 

গতিয়ে জীৱন 

জীৱন মানেই মৰণ


চিৰদিন একেই একো নাথাকে 

লাগিলে সেয়া হওক

স্নিগ্ধ এই পৃথিৱী চকুৰ চিনাকি


লাগিলে সেয়া হওক 

সান্নিধ্য শ্ৰেষ্ঠতম 

জীৱন-জোনাকীকোনো ক'তো কাৰোৰে বাবে ৰৈ নাথাকে চিৰদিন


নদী নিৰৱধি বৈ যায় সাগৰলৈ মাথো এৰি যায় মৰাসুঁতি


জীৱনেও চকুত মায়াৰ মৰিচীকাৰ ৰঙ  সানি গুচি যায় 

মাথো থৈ যায় স্মৃতি  


সকলো কৰি থাকে গতি

জীৱন মানেই গতি গতিয়ে  জগতৰ সনাতন নীতি 



গতিকে আমাৰ জীৱন হওকনীতিৰে নিয়ন্ত্ৰিত

 সাৰ্থক অমৃতগীতি 

নহওক কদাপি অগতি।


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages