আশা
ৰূপম পেগু
যদিও হয় আশা কিম্বা নিৰাশা
ৰাখিছোঁ বুকুত বান্ধি
এটি আশা।
হয়তো নহ’ব পাৰে
সি কাহানিও দিঠক
তথাপি নকৰোঁ নিঃশেষ
এই জীৱনক।
শুকান পাতত
ঢালিম সঞ্জীৱনী
কৰিম জীপাল
এই ধৰণী,
ৰাখিম নিজক সসৈন্য
যুঁজিম অকলে
উপনীত হ'ম লক্ষ্যত
অযুত বাধা নেওচি।
যদিও আন্ধাৰে
বিচাৰে ঢাকিব
তুলিম পোহৰাই
আশাৰ বন্তিৰে
জীৱনৰ এই অমানিশা।।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment