বন্ধুত্বৰ চিনাকি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

বন্ধুত্বৰ চিনাকি

 


বন্ধুত্বৰ চিনাকি


                     চিমি চিদ্দিকা

                       তামুলপুৰ


প্ৰত্যেকৰে জীৱনত এনেকুৱা

এজন ব্যক্তি থকা উচিত।

যাৰ লগত সুখ দুখৰ ভাগ বতৰা কৰিব পাৰি

মোৰ জীৱনেও সলাইছিল‌ ৰং

এদিন নতুন প্ৰভাতৰ ৰঙেৰে,

চিনাকি হৈছিলোঁ এটা নতুন সম্পৰ্কৰ সৈতে

যাৰ নাম বন্ধুত্ব।

বিচাৰি পাইছিলোঁ সমস্ত পৃথিৱী 

ভগাই লৈছিলোঁ সুখ দুখৰ প্ৰতিটো মূহূৰ্ত।

সময়ৰ অগ্ৰগতিত দেখিলোঁ 

প্ৰকৃত বন্ধুৰ আচল পৰিচয়।

সুযোগ বুজি সলাই ৰং 

নিজৰ স্বাৰ্থৰ পূৰণৰ বাবে

কৰিব পাৰে সকলো তচনচ 

লাহে লাহে বুজি পালোঁ 

কিছুমান বন্ধু এনেকুৱাই নে বাৰু...

মনবোৰ কৃত্ৰিমতাৰে ভৰা…

কামবোৰ স্বাৰ্থৰ বাবে কৰা, 

বন্ধুত্ব সঁচাকৈ এনেকুৱাই নে বাৰু...?

এই ৰঙীণ পৃথিৱীৰ ৰংবোৰ 

সঁচাকৈ বিচিত্ৰ।।


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages