কাৰো প্ৰেমিকা হ’ব নিবিচাৰোঁ
শিল্পী দাস
ৰাণীপুখুৰী, হোজাই
মই...
কাৰো প্ৰেমিকা হ’ব নিবিচাৰোঁ
নিবিচাৰোঁ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ,
কাৰো হাত ধৰি সপোন দেখিবও নিবিচাৰোঁ
নিবিচাৰোঁ কাৰোবাক মিছা সপোন দেখাবলৈ।
যদি কিবা বিচাৰোঁ
তেনেহলে...
কাৰোবাৰ কবিতাৰ ছন্দ হ’ব বিচাৰোঁ,
বিচাৰোঁ কবিতাৰ জগতৰ প্ৰিয়তমা
এজনী গাভৰু নাৰী হ’ব।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment