উকা কাপোৰেৰে মেৰিয়াই বান্ধিব মোৰ শৰীৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

উকা কাপোৰেৰে মেৰিয়াই বান্ধিব মোৰ শৰীৰ

 


উকা কাপোৰেৰে মেৰিয়াই বান্ধিব মোৰ শৰীৰ 


পূজা বৰুৱা


উকা কাপোৰেৰে মেৰিয়াই বান্ধিব মোৰ শৰীৰ 

নিথৰ যৌৱন খন্তেকতে ছাই হৈ পৰিব, 

কম্পিত এই উপত্যকাতে; 

শটোৰ মুখত জুইকোৰা জ্বলাওতে 

ছাই বোৰেও আহি গালে মুখে আপোনাক চুমিব।। 

ধোঁৱা বোৰেও গৈ হ্নদয়ৰ চৌহদত 

অজৰ অমৰ হৈ বৰঘৰ সাজিব

সময়ৰ চাকনৈয়াত

আকৌ লাহে লাহে মূৰৰ খোলাটোয়েদি

ন গুটিৰ বীজ হৈ গেৰ ফালি উঠিব।। 

মাজনিশা সেই উপত্যকাদি যাওঁতে,

যাএাৰ পথত শুই থকা শুকান পাত বোৰত, 

সন্তপৰ্নে গৈ থাকিব; 

মাথোঁ নজগাব।

মৰ্মযাই নকৰিব,

শব্দৰ খৰমান। 

মই এচাতি বতাহ হৈ 

আপোনাক চুই চোৱাৰ এজোলোকা চেষ্টা কৰিম

তেতিয়া মোৰ আগমনৰ উমান দি, 

বাউলী হৈ বতাহ ছাতিয়ে

শুকান পাতবোৰত চকচকাই উঠিব।

লাহে লাহে মোৰ ৰৈ যোৱা হাড়ৰ সুভ্ৰতাত 

সেই আন্ধাৰ ৰাতি বোৰ পোহৰ হ’ব।।


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages