নদী নে প্ৰকৃতি
মন্দিতা চেতিয়া গগৈ
ৰাজগড়, ডিব্ৰুগড়
আনৰ চকুলৈ চালেই
মনৰ কথা পঢ়িব পাৰোঁ বুলি,
একপ্ৰকাৰৰ অহংকাৰেই আছিল মোৰ।
সেই অহংকাৰ যে কেনেকৈ দৰ্পচূৰ্ণ হ’ল
ততকেই ধৰিব নোৱাৰিলোঁ।
এতিয়া দেখোন নিজকেই নিজে বুজি নাপাওঁ,
কি আছিল মোৰ
ভাললগা বা ভালপোৱা !
কি আছিল বাৰু মোৰ প্ৰিয় ৰং
সোণাৰু নে কৃষ্ণচূড়া
এজাৰবুলীয়া নে সেউজীয়া !
কিহত বা আছিল ৰাপ
গীত, নৃত্য নে চিত্ৰকলাত!!
পৃথিৱীত ৰং সানিবলৈও
মোৰ দেখোন এতিয়া সময়ৰ অভাৱ।
পানীৰ দৰেই মোৰ চৰিত্ৰ এতিয়া
য'তেই থোৱা যায়
তাৰেই ৰূপ লওঁ,
য'তেই ভাঁজ দিয়ে
তাতেই ভাঁজ খাওঁ।
লাহে লাহে সেউজীয়াবোৰ হালধীয়া হ’ব
এচাটি মৃদু মলয়াই সৰাই পেলাব
মই মানুহক বুজি পাওঁ বুলি কৰা অহংকাৰ
নিজকে বুজি নোপোৱাকৈয়ে
ধূলিৰ লগত মিহলি হ’ব।
কোনে জানো কৈছিল -
স্ত্ৰীয়াশ্চৰিত্ৰম দেবা না জানন্তি কুতো মনুষ্যা,
দেৱতায়ো বুজি নোপোৱা
নিজেই নিজক পাহৰা
ময়েই সেই অভাগিনী;
অৱহেলিত নাৰী।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment