বৰষা
শিৱ প্ৰসাদ ৰাভা হাদু
ছাটাবাৰী, গোৱালপাৰা
বৰষা এক মিঠা অনুভূতি
বৰষাৰ বাৰিষাই আনে ঢোকালটোকা বান
প্ৰকৃতিয়ে সলাই দিয়ে ৰূপ ৰং
প্ৰাণ পাই জী উঠে প্লাৱন।
বৰষা তুমি নাহিলে
কৃষকৰ অন্তৰাত্মা কঁপে দুৰু দুৰু
আশাৰ কঠীয়া পথাৰ ভৰি
থাকিব এলাগী হৈ
কৃষকে মূৰে কপালে হাত থৈ
আকাশলৈ চাই থাকে ৰ’ লাগি
মেঘে গাজনি মাৰিব কেতিয়া
পথাৰ ভৰি বৰষুণ নপৰিলে
ছন পৰি পথাৰ হ’ব উকা !
ৰিমজিম ৰিমজিম বৰষুণ তিতি বুৰি
মূৰত সৰুদৈয়া জাপি লৈ
মুঠি মুঠি ভূঁই ৰুই সপোন ৰচে
গাঁৱৰ জীয়ৰী বোৱাৰী বাৰিষাৰ বতৰতে।
বাৰিষা তুমি আহিবা বৰ্ষা ঋতুত
পঁচা মাটিৰ গোন্ধত ঘামৰ সিৰলুত
সেউজ বুলীয়া আশাৰ ৰেঙণি হৈ।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment