যুদ্ধ মোৰ নিজৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

যুদ্ধ মোৰ নিজৰ

 


যুদ্ধ মোৰ নিজৰ


                       অবিনাশ কিশোৰ শইকীয়া

                                          গোলাঘাট


নহয় মই অভিমন্যু

তথাপিও জীৱন নামৰ চক্রবেহুত সোমাই 

সময়ে আজি মোক সপ্তৰথীৰ দৰে খুজি-হানি মাৰিছে। 


কুৰুক্ষেত্ৰ মহাসমৰ মোৰ জীৱনত প্ৰত্যেক দিনাই হৈছে সংঘটিত। 


কিন্তু নহয় এয়া আজি কৌৰৱৰ সমে যুদ্ধ


কৰিছো আজি মই নিজৰ হকে।। 


চাৰিওফালে কেৱল কুৰুক্ষেত্ৰ মহাৰণ। 


সকলোতে চোন কেৱল যুদ্ধ আৰু যুদ্ধই। 


তীব্র হুংকাৰ আজি চৌদিশে।


কিন্তু আজি গাণ্ডীৱও মামৰে  ধৰা

পিতামহ ভীষ্মও শকতিহীন।

আৰু কি ? 

আজি চোৱাচোন

কৰ্ণৰ ধনুৰ তংকাৰ আজি যে দুৰ্বল। 


মাথো সকলোৰে হাতত এপাটতেই অস্ত্র

“বিশ্বাসঘাটকঘতা”


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages