মানুহবোৰে ৰং সলাই অ মা
হিমাংশু কলিতা
গোলাঘাট
মানুহবোৰে ৰং সলাই অ মা
তুমি যে কৈছিলা
বগা মানুহৰ ৰংবোৰ বগা বগা
আৰু
মনবোৰও বগা বগা
মইচোন চিনিব পৰা নাই
কেতিয়াবা বগা মানুহৰ মনবোৰ কলা হয়
আৰু কলা মানুহৰ মনবোৰ বগা হয়।
হনুমান নিচিনাকৈ কলিজা ফালিব পৰা হলে
চালোহেঁতেন
মনবোৰ বগা নে কলা
আৰু
কলা মনৰ কলিজাত বগা ৰং সানি দিলোহেঁতেন
কিন্তু নোৱাৰি মা
মানুহবোৰে যে ৰং সলাই।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment