সাঁকোৰ ইপাৰ সিপাৰ
অসমী গগৈ বৰুৱা
নাজিৰা
শাৰী পাতি গাড়ী কেইখন ওলাই গ'ল, এইমাত্ৰ। সৰু, ডাঙৰ, বগা, ৰঙা, নীলা, কলা ভালেকেইখন গাড়ী। এজোলোকা দীঘল উৰুলিৰে আইসকলে তেওঁলোকক আগবঢ়াই দিলে। উৰুলিৰ জোকাৰটোৱে চৌপাশৰ বতাহতো জোৱাৰ তুলিলে। কপি উঠিল বতাহখিনি। শেষৰখন গাড়ী নেদেখা হোৱালৈকে চাই থকা ল'ৰাটো কপি থাকিল ভিতৰি ভিতৰি। ঠিক শান্ত হৈ থকা নদীখনৰ তলিত বৈ থকা পানীৰ সোঁতৰ দৰেই। এটা সময়ত কপনিটো চেপি ধৰি সি ভিতৰৰ কোঠাটো পালেহি। বৰ কষ্ট, বৰ কষ্ট… কাকো ক'ব নোৱাৰা, বুজাব নোৱাৰা কথাৰ ভৰে বৰ চেপে মানুহক।
উচাহে পাৰভঙা ঘৰখনত অকণমান নিৰিবিলি ঠাই বিচাৰি ল'ৰাটোৰ মনটোৱে হাহাকাৰ কৰি উঠিল। কাক কয়, কাক কয় সি তাৰ মনত উঠি থকা ঢৌ বোৰৰ কথা! কথাবোৰৰ আৰম্ভণিতে লগৰ দুটামানৰ আগত কৈ সকাহ ল'বলৈ যাওঁতে সিহঁতে যিটোহে গিৰ্জনি মাৰিলে, সি তাপ মাৰিল সেইফালেই। দুটামানতো হাঁহি হাঁহি বাগৰি পৰিল।
" মাৰাৰ অলংকাৰ থোৱা কাটি কৰি
ঐ ৰাম দেউতাৰাৰ অলংকাৰ থোৱাহে
ৰামে দি পঠাইছে বিচিত্র অলংকাৰ
ঐ ৰাম হাতে জোৰ কৰি লোৱাহে..."
কোনোবাই কৰবাত বিয়ানাম বজাই দিলে। সি শুনি থাকিল আৰু ভয়টোৱে তাক চেপি থাকিল।
: এইটো বিয়ানাম কোনে লগালি ঐ? আমি দৰাঘৰীয়াহে।
: হয় দেই, এই মন্টুটোৱে সব একাকাৰ কৰি পেলাইছে।
: মই কি জানো, বিয়ানাম মানে বিয়ানাম আৰু। তাতে আমি কিবা বিয়া পাতিছোঁ নেকি!
হাঁ হাঁ হাঁ…
বিয়ানামক তল পেলাই এজাউৰি হাঁহিয়ে পৰিবেশটো ঢৌৱাই গ'ল।
হয়, ঘৰখনৰ আদৰুৱা ল'ৰাটোৰ বিয়া। কিছুসময়ৰ আগতে জোৰোণ দিবলৈ ওলাই গৈছে ল'ৰাটোৰ মাক-দেউতাক, মাহীয়েক, পেহীয়েক, জেঠায়েক, মামীয়েক, চুবুৰীয়াকে ধৰি গাড়ীৰ এটা দীঘল শোভাযাত্ৰা কৰি। কইনাক দিবলৈ গোটোৱা প্ৰতিটো বস্তু সি চুই গৈছিল এফালৰ পৰা আৰু ভাগে ভাগে গাড়ীবোৰত ভৰাই গৈছিল ল'ৰাবোৰে । মাছ মিঠাই কাপোৰ গহনাৰ মেটমৰা ভাৰটোও গৈ আছিল। ডেকেৰুৱা সকলক থৈ গৈছিল দৰাৰ লগত যাবলৈ বুলি। ঘৰখন এতিয়া কিছুপৰিমাণে নিজান। সেয়ে চাগে মন্টুৱে মবাইল ফোনটোত বিচাৰি বিচাৰি বজাই দিছিল বিয়ানামটো।
পিন্ধি থকা ধূতিখন সলাবলৈ বুলি ল'ৰাটো উঠিল। ক্ষন্তেক সময়ৰ বাবে হ'লেও পিন্ধি আখজা লাগি থকা ধূতিখন সলাবলৈ তাৰ মনটোৱে খৰধৰ লগালে। সমান্তৰালকৈ মনলৈ আহিল তাৰ… নতুন ছোৱালীজনীৰ বাৰু কেনে লাগিব নতুন ঘৰখনত! তাইৰ বাবেতো এইটো এটা সম্পূৰ্ণ সুকীয়া পৰিবেশ হ'ব। জীণ যাব পাৰিবনে বাৰু তাই! আকোঁৱালি ল'বনে বাৰু তাই ঘৰৰ মানুহবোৰক যি যেনেকুৱা তেনেকৈয়ে! তাই যদি বিচাৰে সি বাৰু যিমান পাৰে সলাব নিজক। কিন্তু তাই… নতুন পৰিবেশ, নতুন মানুহ, সুকীয়া নীতি নিয়ম! নতুন আৰু পুৰণাৰ দোমোজাৰ সময়খিনিত কেনে হ'ব বাৰু ছোৱালীজনীৰ মনৰ স্থিতি! আজন্ম চিনাকি ঘৰ এখন এৰি নতুন পৰিবেশ পৰিস্থিতিত নিজক লীণ নিওঁৱাতো কেতিয়াও সহজ নহয়, কেতিয়াও নহয়। কপি উঠিল ল'ৰাটো ছোৱালীজনীৰ ঠাইত নিজক কল্পনা কৰি। বহুতদিন ধৰি নুবোজাকৈ থকা কথা এটাও বুজি পালে সি। দৰা হৈ যোৱা মোমায়েকৰ কাষত বহি যাওঁতে সি বাৰে বাৰে অনুভৱ কৰিছিল, মোমায়েক কপি আছে, কৰবাত যেন কোনোবাই উচুপি আছে। তাহানিৰ কণমানি মনটোৱে বুজি নোপোৱা কথাটো সি আজিহে বুজি পালে।
ছোৱালীজনী চাই মেলি অহাৰ পাছত লগৰবোৰৰ আগত এই কথাটোকে ,কওঁতে সিহঁতে উকিয়াই উকিয়াই হাঁহিছিল। সি কিন্তু বহি আছিল তলমূৰকৈ। সেই তেতিয়াৰে পৰা ভয় এটাই খুলি খুলি খাই আছে তাক। বিয়াৰ দিনটো যিমানে ওচৰ চাপি আহিছিল সিমানেই অস্থিৰতা বাঢ়ি আহিছিল তাৰ আৰু আজি সেই অস্থিৰতা চূড়ান্ত পৰ্যায়ত। আছে, আছে তাৰো বহুত দায়িত্ব আছে। পাৰিবনে বাৰু সি দুখন ঘৰৰ মাজত এডাল সাঁকো হ'বলৈ, পাৰিবনে বাৰু! দুখন ঘৰৰ খোজৰ ভৰ সহি থাকিব পৰা এডাল সাঁকো, কাহানিও ভাঙি নপৰা, কাকো পিছলিবলৈ নিদিয়া এডাল সাকোঁ, মজবুত সাকো!
সলাবলৈ লোৱা ধূতিখনৰ গাঠিটো হাতেৰে ধৰি সি ৰৈ থাকিল। পকাৰ মজিয়াখনৰ পৰা চেচাঁ এখিনি ভৰি হৈ বুকুলৈ আহি থাকিল ক্ৰমে ক্ৰমে…
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment