যুগে যুগে তুমি বিষ্ণুৰাভা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

যুগে যুগে তুমি বিষ্ণুৰাভা

 


যুগে যুগে তুমি বিষ্ণুৰাভা…


ইনু দত্ত


বিষ্ণুৰাভা

জগত জিনিলা তুমি

গীতেৰে-মাতেৰ

পাহাৰ ভৈয়াম এক কৰি।


একতাৰ দোলেৰে জনতাক বান্ধিলা 

ব্ৰজ-নিনাদেৰে শতৰুৰ বুকু শালিলা।

শিৰ ওখ কৰি শোষকৰ বিৰুদ্ধে তেজেধোৱা শ্লোগান লিখিলা…

তাণ্ডৱ নৃত্যৰে মেদিনী কঁপাই

 ন-ন সৃষ্টিৰে জনগণক

প্ৰতিবাদৰ ভাষা শিকালা।


দেশৰ হকে জাতিৰ হকে

যুঁজি নাভাগৰিলা

স্বদেশ প্ৰেমৰ মন্ত্ৰৰে জনগণক দীক্ষিত কৰিলা৷


বিষ্ণুৰাভা, তোমাৰ আদেৰ্শৰে বাট বুলিছো আজি

অসমীয়াৰ চিন্তন-মননত

তুমি বিয়পি আছা সদায়


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages