এনেকৈয়ে
ৰুক্মিণী হালৈ
মাৰ্ঘেৰিটা
এনেকৈয়ে ধুমুহা আহে
মাজে সময়ে
সহজ সৰল মানুহজাকৰ
আশাৰ সপোনবোৰ
ভাগি ছিগি চূৰ্ণ বিচূৰ্ণ হয়।
এনেকৈয়ে ধুমুহা আহে
বিপৰ্য্যয়ৰ ডেউকা মেলি
ভাতৃত্ববোধত ভাঙোন আনে,
দেশে, বিদেশে বিষাক্ত বতাহ
বিয়পাই দিয়ে।
এনেকৈয়ে ধুমুহা আহে
সৰু সৰু মানুহৰ
সহজ সৰল জীৱনবোৰ
চিটিকি পৰে
কেৰমৰ গুটিৰ দৰে
দিগ্বিদিগ হেৰুৱায়।
এনেকৈয়ে ধুমুহা আহে
ৰজাঘৰৰ নিৰ্লজ স্বাৰ্থপৰ
মনবোৰত যেতিয়া
লকলকাই উঠে
সাম্ৰাজ্যবাদী মনোভাৱৰ
লুভীয়া জিভাবোৰ
এনেকৈয়ে ধুমুহা আহে।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment