সেউজীয়া স্মৃতি
হিমাংশু শইকীয়া
তোমাক ভাবি ভাবি
শেষ কৰিব নোৱাৰিলোঁ
অথচ তুমি গোৱা গান এটা হৈ
গুণগুনাই থকো নিজক।
এদিন কৈছিলা তুমি শিল হোৱাৰ কথা
নৈ খনে তোমাক খহাই নিয়াৰ কথা
তুমিতো নাজানা
নৈয়ে খহাই নিয়া শিলবোৰৰ নামেই স্মৃতি।
খেতিত নমা দিনাই বোকাৰ গোন্ধ হৈ নাকত লাগিছিলা
চকুৱা চাওলা হৈ পেটলৈ গৈছিলা
তামোল এখন হৈ মুখতে পাগ উঠিছিলা
ভৰ বাৰিষা তুমি বানপানী হৈ নাহিবা এইবাৰ
তুমি দিয়া শইচ কেইটামান হিচিছো।
তোমাৰ হাঁহিত সোণাৰু হালধীয়া হৈ ফুলে
তুমি চোৱাৰ বাবেই কৃষ্ণচূড়া লাজতে ৰঙা হৈ পৰে।
স্মৃতিবোৰত এতিয়া বোকা লাগিছে
জোকে খাই তেজ উলিয়াইছে
অথচ তোমাৰ খবৰে নাই
তুমি সেউজীয়া হৈ পৰিছা
তুমি পথাৰ হৈ নিজক সজাইছা।
এইবাৰ
সপোন হিচি মৰমৰ সাৰেৰে
তোমাৰ কেচুৱাটোক ডাঙৰ কৰিম।
তুমি যেন সেউজীয়া পথাৰ
তুমি সেউজীয়া স্মৃতি।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment